বিশিষ্ট লোকসংস্কৃতিবিদ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রাক্তন অধ্যাপক ড৹ প্রবীণ চন্দ্র দাসৰ মৃত্যুত শোক প্ৰকাশ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ অফিচিয়েল সামাজিক মাধ্যমৰ একাউন্টত এক পষ্টযোগে শোক বাৰ্তা প্ৰেৰণ কৰা হৈছে।
"গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক আৰু লোক-সংস্কৃতিৰ ক্ষেত্ৰখনৰ একান্ত সাধক ড° প্ৰবীণ চন্দ্ৰ দাসদেৱৰ বিয়োগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। তেখেতৰ বিয়োগ অসমীয়া সমাজলৈ এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে দাসদেৱৰ স্বৰ্গগামী পুণ্যাত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।" এইদৰে পষ্টটোত উল্লেখ কৰা হৈছে।
উল্লেখ্য যে, কালি নিশা প্ৰায় ১ বজাত চিকিৎসাধীন অৱস্থাত গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত ড৹ দাসৰ দেহাৱসান ঘটে। জানিব পৰা মতে, বিগত ২৬ আগষ্ট তাৰিখে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ এখন সভাত বক্তৃতা দিয়াৰ সময়ত ঢলি পৰিছিল লোকসংস্কৃতিবিদগৰাকী। পৰৱৰ্তী সময়ত নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ অনা হয়। কিন্তু চিকিৎসালয়ত থকাৰ সময়ত ড৹ দাসৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেখেতক ভেন্টিলেছনত ৰখা হয়। অৱশেষত কালি মাজনিশা তেওঁ ইহলীলা সম্বৰণ কৰে। (Eminent Folklorist Dr. Prabin Chandra Das Passes Away)।
নিজৰ কৰ্মজীৱনত দাসে লোকসংস্কৃতিৰ গৱেষণাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক, ছাত্ৰ কল্যাণ সঞ্চালক, শ্ৰেণীসমূহৰ সচিবৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰাৰ উপৰি বৰ্তমান তেওঁ অসম লোকসংস্কৃতি সমাজৰ সভাপতিৰ দায়িত্বত আছিল।
ড৹ দাসৰ মৃত্যুত সমগ্ৰ লোকসংস্কৃতিৰ জগতখনৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ প্ৰতাপজ্যোতি সন্দিকৈ, পঞ্জীয়ক ড৹ হেমন্ত কুমাৰ নাথকে প্ৰমুখ্য কৰি বিশ্ববিদ্যালয় পৰিয়ালৰ লগতে তেওঁৰ অনুৰাগীসকলে গভীৰ শোক প্ৰকাশ কৰিছে। আনহাতে, পৰিয়ালৰ লোক, শুভাকাংক্ষীৰ উপস্থিতিত মহানগৰীৰ ভূতনাথ মুক্তিধামত লোকসংস্কৃতিবিদগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 04, 2022, 15:02 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।