এইবাৰ শিক্ষাগুৰুৰ ৰূপত নহয়। বিদ্যালয়ৰ পৰিদৰ্শকৰ ৰূপত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। মৰিয়নিৰ এখন ঐতিহ্যমণ্ডিত চৰকাৰী বিদ্যালয়ত হঠাতে উপস্থিত হৈ বিধায়কগৰাকীয়ে অধ্যক্ষ তথা শিক্ষক-শিক্ষয়িত্ৰীসকলক বিদ্যালয়খনৰ হতাশাজনক ফলাফলৰ বাবে জবাবদিহি কৰাৰ লগতে অন কেমেৰা ধমকিও দিয়ে।
মৰিয়নি নগৰৰ মাজমজিয়াত থকা মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শুকুৰবাৰে পুৱাৰ ভাগত হঠাতে বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত হৈ বিদ্যালয়ৰ কনফাৰেঞ্চ ৰূমত প্ৰৱেশ কৰি বিদ্যালয়ৰ অধ্যক্ষক কাষত বহুৱাই লৈ শিক্ষক-শিক্ষয়িত্ৰীসকলক সন্মুখত লৈ বিদ্যালয়খনে হাইস্কুল শিক্ষান্ত তথা উচ্চতৰ মাধ্যমিক পৰীক্ষা লগতে গুণোৎসৱত কিয় ইমান হতাশাজনক ফলাফল দেখুৱাইছে তাৰ উত্তৰ বিচাৰে।
বিদ্যালয়ৰ অধ্যক্ষ স্মৃতিৰেখা ফুকনক জবাবদিহি কৰি সন্তোষজনক উত্তৰ নোপোৱাত তেওঁ কঠোৰ সুৰত সকীয়াই দিয়ে। শিক্ষক–শিক্ষয়িত্ৰীসকলক উদ্দেশ্যিও ৰূপজ্যোতি কুৰ্মীয়ে কয়- "ধুনীয়াকৈ সাজ–পোছাক পিন্ধি ষ্টাইল কৰি বিদ্যালয়লৈ আহিলে নহ'ব, ছাত্ৰ–ছাত্ৰী সকলক ভালদৰে পঢ়াওক।"
তেওঁ লগতে মৰিয়নি সমষ্টিৰ ভাল ফল দেখুওৱা কেইবাখনো চৰকাৰী বিদ্যালয়ৰ উদাহৰণ দি "একেই দৰমহা একেই বিদ্যালয়ৰ আন্তঃগাঁথনি। তেওঁলোকে ভাল ফলাফল দেখুৱাইছে আপোনালোকে কিয় পৰা নাই বুলি শিক্ষক-শিক্ষয়ত্ৰীসকলক প্ৰশ্ন উত্থাপন কৰে।"
একে প্ৰক্ৰিয়া চলি থাকিলে বিদ্যালয়ত তলা ওলমাই দিম বুলিও তেওঁ সকীয়াই দিয়ে। বিদ্যালয়খনৰ অৱস্থাৰ বিষয়ে শিক্ষামন্ত্ৰীক পত্ৰ লিখি অৱগত কৰাৰ লগতে বিধানসভাতো বিষয়টো উত্থাপন কৰিব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে ৰূপজ্যোতি কুৰ্মীয়ে।
উল্লেখ্য যে বিদ্যালয়খনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ আছিল ৪০ শতাংশ। উচ্চতৰ মাধ্যমিকৰ বাণিজ্যিক শাখাৰ দুজন পৰীক্ষাৰ্থীৰ এজনহে উত্তীৰ্ণ হৈছিল।মন কৰিবলগীয়া যে হীৰক জয়ন্তী বৰ্ষ পাৰ কৰা মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এক গৌৰৱময় ইতিহাস আছে, কিন্তু সেই গৌৰৱ অক্ষুণ্ণ ৰখাত ব্যৰ্থ হৈছে বৰ্তমান বিদ্যালয়খনে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|