• Home
  • »
  • News
  • »
  • assam
  • »
  • ২৭ ছেপ্টেম্বৰত লাচিত ঘাটৰ ওপৰত ভাৰতীয় বায়ুসেনাৰ সূৰ্য কিৰণ এৰোবেটিক দলৰ বিমান এৰোবেটিক শ্ব'

২৭ ছেপ্টেম্বৰত লাচিত ঘাটৰ ওপৰত ভাৰতীয় বায়ুসেনাৰ সূৰ্য কিৰণ এৰোবেটিক দলৰ বিমান এৰোবেটিক শ্ব'

বায়ু সেনাৰ সূৰ্য কিৰণ এৰোবেটিক দল চমুকৈ SKATএ বিমান এৰোবেটিক প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে।

বায়ু সেনাৰ সূৰ্য কিৰণ এৰোবেটিক দল চমুকৈ SKATএ বিমান এৰোবেটিক প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে।

বায়ু সেনাৰ সূৰ্য কিৰণ এৰোবেটিক দল চমুকৈ SKATএ বিমান এৰোবেটিক প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে।

  • Share this:
আগন্তুক ২৭ ছেপ্টেম্বৰত গুৱাহাটীৰ লাচিত ঘাটৰ ওপৰত ভাৰতীয় বায়ুসেনাৰ এম্বেছাদৰ বুলি জনাজাত বায়ু সেনাৰ সূৰ্য কিৰণ এৰোবেটিক দল চমুকৈ SKATএ বিমান এৰোবেটিক প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে। হক এমকে-132 বিমান ব্যৱহাৰেৰে স্কোয়াড্ৰনে এৰোবেটিক্স প্ৰদৰ্শন কৰিবলগা এয়াৰ শ্ব'টো ২৭ ছেপ্টেম্বৰত ৰাতিপুৱা ১০ বজাত আৰম্ভ হ'ব বুলি জানিব পৰা গৈছে।

সূৰ্য কিৰণ দলটো বৰ্তমান তেজপুৰ এয়াৰফৰ্চ ষ্টেচনত অৱস্থান গ্ৰহণ কৰিছে আৰু উইং কামাণ্ডাৰ ৰূপম বৰদলৈও এই স্কোয়াড্ৰনৰ সদস্য।

স্কোয়াড্ৰনে বিগত ১৬ ছেপ্টেম্বৰত ভুৱনেশ্বৰ আৰু ১৮ ছেপ্টেম্বৰত পুৰীৰ ব্লু ফ্লেগ বীচত সাহসী আৰু শ্বাসৰুদ্ধকাৰী আকাশী কৌশল প্ৰদৰ্শন কৰিছিল। গুৱাহাটীৰ পাছতেই অহা ৮ অক্টোবৰত চণ্ডীগড় আৰু ১৪ অক্টোবৰত বৰেলীত নিজ প্ৰদৰ্শন আগবঢ়াব।

মন কৰিবলগীয়া যে, ভাৰতীয় বায়ুসেনাৰ সূৰ্য কিৰণ সমগ্ৰ বিশ্বৰ একমাত্ৰ নখন বিমান গঠন এৰোবেটিক দলৰ ভিতৰত অন্যতম। ১৯৯৬ চনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল আৰু বিগত ২৫ বছৰ ধৰি বিমান এৰোবেটিক্স প্ৰদৰ্শন কৰি আহিছে। ই ভাৰতীয় বায়ুসেনাৰ ৫২ তম স্কোয়াড্ৰনৰ এটা অংশ।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি