বিশ্বত আকৌ কোৰোণাৰ নতুন ভেৰিয়েণ্টৰ আতংক। বিশ্ব স্বাস্থ্য সংস্থাই এই নতুন ভেৰিয়েণ্টৰ নাম দিছে 'ওমিক্ৰণ'। দক্ষিণ আফ্ৰিকাৰ পৰা বিয়পিছে ওমিক্ৰণ ভেৰিয়ণ্ট।
কোৰোণাৰ আন সকলো ভেৰিয়েণ্টতকৈ মাৰাত্মক এই ওমিক্ৰণ। ওমিক্ৰণক বতছোৱানা ভেৰিয়েণ্ট বুলিও জনা যায়।
শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, 'দক্ষিণ আফ্ৰিকাত WHOয়ে নতুন ভেৰিয়েণ্ট আবিষ্কাৰ কৰিছে। যাৰ বৈজ্ঞানিক নাম দিয়া হৈছে B1.529। এই ভিৰিয়েন্ট ডেলল্টাতকৈ ৩০০ গুণ গাক্তিশালী। যাৰ উৎপত্তি স্থল দক্ষিণ আফ্ৰিকাৰ। কোৰোণাৰ বাবে সকলোৱে সাৱধানতা অৱলম্বন কৰিব লাগে। ভেকচিননে এই ভেৰিয়েন্টে কাম নকৰে বুলি কোৱা নাই।'