অসমৰ খেলৰ বাবে সু-খবৰ। অসমৰ জোঁৱাই অলিম্পিয়ান কমলেশ মেহতা ভাৰতীয় টেবুল টেনিছৰ সচিবপ্ৰধান পদত নিৰ্বাচিত হৈছে। প্ৰাক্তন অলিম্পিয়ান অৰ্জুন বঁটাবিজয়ী কমলেশ মেহতা হ'ল অৰ্জুন মনালিছা বৰুৱাৰ স্বামী।
অৰ্জুন কমলেশ মেহতাই TTFIৰ নিৰ্বাচনত অসমক প্ৰতিনিধিত্ব কৰিছিল। ৬২ বছৰীয়া কমলেশ মেহতাই দুবাৰ অলিম্পিক গেমছত অংশগ্ৰহণ কৰাৰ উপৰি দুবাৰ এছিয়ান গেমছ আৰু অভিলেখ সংখ্যক ৮বাৰৰ ৰাষ্ট্ৰীয় চেম্পিয়ন পেডলাৰ আছিল। আঠবাৰ এছিয়ান টেবুল টেনিছ চেম্পিয়নশ্বিপত অংশ লোৱা কমলেশ মেহতা শেহতীয়াকৈ ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনত টেবুল টেনিছৰ পৰ্যবেক্ষক আছিল।
১৯৬০ চনৰ ১ মে'ত মুম্বাইত জন্মগ্ৰহণ কৰা কমলেশ মেহতাই ভাৰতীয় টেবুল টেনিছ ফেডাৰেচনৰ সচিবপ্ৰধান পদত নিৰ্বাচিত হোৱাত আনন্দিত হৈছে টেবুল টেনিছ সমাজৰ লগতে অসমৰ ক্ৰীড়া প্ৰেমী।
এইবাৰৰ ফেডাৰেচনৰ নিৰ্বাচনত অসমক প্ৰতিনিধিত্ব কৰিছিল কমলেশ মেহতাই। কমলেশ মেহতাক অভিনন্দন জনাইছে অসম অলিম্পিক সন্থাৰ লগতে অসমৰ ক্ৰীড়া প্ৰেমীয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।