এগৰাকী ৭৫ ঊৰ্ধ্বৰ মহিলাই কুৰি বছৰৰ অধিক কাল ন্যায় যুঁজ অব্যাহত ৰাখি স্বদেশী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয় ৷ এওঁৰ নাম পুষ্পাৰাণী ধৰ । বঙাইগাঁৱৰ বাবুপাৰা নিৱাসী তথা প্ৰয়াত ৰে'ল কৰ্মচাৰী মৃণাল কান্তি ধৰৰ পত্নী পুষ্পাৰাণী ঘোষ স্বদেশী হোৱা সত্ত্বেও বিদেশী হিচাপে ঘোষণা কৰা হৈছিল। ইয়াৰ বিৰুদ্ধে দীঘলীয়া কাল ন্যায় যুঁজ চলাই বৃদ্ধাগৰাকীয়ে ভাৰতীয় হিচাপে অৱশেষত স্বীকৃতি লাভ কৰে।
২০০০ চনৰ আশে–পাশে পুষ্পাৰাণী ধৰক বিদেশী ন্যায়াধিকৰণে ন'টিচ জাৰি কৰে ৷ দীৰ্ঘদিন ধৰি ন্যায়াধিকৰণত গোচৰ চলি থকাৰ পিছত ২০১৭ চনত বঙাইগাঁৱৰ বিদেশী চিনাক্তকৰণ ন্যায়াধিকৰণে পুষ্পাৰাণী ধৰক বিদেশী হিচাপে ঘোষণা কৰে ৷ ইয়াৰ পাছতে পুষ্পাৰাণী ধৰৰ লগতে পৰিয়ালবৰ্গই ডিটেনচন কেম্পত ধৰি নিয়াৰ ভয় আৰু আতংকৰ মাজত বহু দিন কটাবলগীয়া হৈছিল ৷
এইদৰে এবছৰ পাৰ কৰোৱাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে বৃদ্ধাগৰাকীৰ জামিন মঞ্জুৰ কৰে ৷ ২০১৭ চনত জামিন লাভৰ পিছতে ভুক্তভোগী আৰু পৰিয়ালবৰ্গই সাময়িক সকাহ লাভ কৰিবলৈ সক্ষম হয় যদিও ন্যায় যুঁজ অব্যাহত থাকে ৷
শেহতীয়াভাৱে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক ৰায় দানৰ জৰিয়তে পুষ্পাৰাণী ধৰক স্বদেশী হিচাপে ঘোষণা কৰে ৷ ৰায়ত বিদেশী ন্যায়াধীকৰণে বৃদ্ধাগৰাকীক বিদেশী হিচাপে ঘোষণা কৰা কাৰ্যত অসন্তুষ্টি ব্যক্ত কৰে ৷ উচ্চ ন্যায়ালয়ে ১৯৪৩ চনত জন্ম লাভ কৰা স্বামী মৃণালকান্তি ধৰে ১৯৬২ চনত ৰে'ল বিভাগত চাকৰি লাভ কৰাকে ধৰি পুষ্পাৰাণী ধৰৰ সৈতে হোৱা বিবাহকে ধৰি বিভিন্ন দিশ চোৱা হয় ৷
একে দৰে পুষ্পাৰাণী ধৰৰ পিতৃ প্ৰয়াত হীৰেন্দ্ৰ নাথ পালৰ ১৯৬৬ চনৰ বেংগল মেডিকেল ইউনিয়নৰ প্ৰমাণ পত্ৰও গুৰুত্বসহ বিবেচনা কৰা হয় । আটাইবোৰ বিষয়বস্তু চালি জাৰি চাই গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায়দান কৰাত ভুক্তভোগীৰ লগতে পৰিয়ালবৰ্গ আনন্দিত হৈ পৰিছে ৷
ইফালে পুষ্পাৰাণী ধৰ ভাৰতীয় হোৱা সত্ত্বেও ন্যায়াধীকৰণে বিদেশী সজাই হাৰাশাস্তি চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ বিদেশী ন্যায়াধীকৰণত দাখিল কৰা নথি পত্ৰই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰাৰ পিছত প্ৰদান কৰা ৰায়দানৰ ফলত বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়াক লৈও প্ৰশ্ন উত্থাপন কৰে ভুক্তভোগী পৰিয়ালে ৷
ভৱিষ্যতে এনেধৰণৰ অযথা হাৰাশাস্তিৰ কোনো লোকে যাতে সন্মুখীন হ’বলগীয়া নহয়, তাৰ বাবেও পৰিয়ালটোৱে চৰকাৰক আহ্বান জনায় ৷ নিজ মাতৃয়ে সন্মুখীন হোৱা ঘটনাৰ বৰ্ণনা কৰি নিউজ১৮ ৰ কেমেৰাৰ আগত উচুপি উঠে বৃদ্ধাগৰাকীৰ পুত্ৰ৷
Published by: Gautam Barman
FIRST PUBLISHED : November 20, 2021, 14:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।