মাৰ্ঘেৰিটাত লোমহৰ্ষক হত্যাকাণ্ড, জোঁৱায়েকে পিৰাৰে মূৰত কোবাই হত্যা কৰিলে শহুৰেকক

News18 Assam | News18-Assam
Updated:October 15, 2020, 4:30 PM IST
মাৰ্ঘেৰিটাত লোমহৰ্ষক হত্যাকাণ্ড, জোঁৱায়েকে পিৰাৰে মূৰত কোবাই হত্যা কৰিলে শহুৰেকক
পাৰিবাৰিক কন্দলৰ পৰিণতিতে এনে ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷

পাৰিবাৰিক কন্দলৰ পৰিণতিতে এনে ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷

  • Share this:
মাৰ্ঘেৰিটাত লোমহৰ্ষক হত্যাকাণ্ড। জোঁৱায়েকে হত্যা কৰিলে শহুৰেকক। মাৰ্ঘেৰিটা আৰক্ষী চকীৰ অন্তৰ্গত ডিৰাক লেখাজানত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড ৷ লেখাজান ফৰেষ্ট গেটৰ নিবাসী মংগল মাহাতো নামৰ এজন প্ৰায় ৭০ বছৰীয়া বৃদ্ধক নিজৰ জোঁৱায়েকে পিৰাৰে মূৰত কোবাই হত্যা কৰা ঘটনাই চাঞ্চল্যকৰ সৃষ্টি কৰিছে৷

পাৰিবাৰিক কন্দলৰ পৰিণতিতে এনে ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ ইফালে হত্যাকাণ্ড সংঘটিত কৰিয়েই জোঁৱায়েক জুনুৱা সিঙে পলায়ন কৰে। জোঁৱায়েক জুনুৱা  সিঙে প্ৰায়ে শহুৰেকৰ ঘৰত কাজিয়াৰ সূত্ৰপাত ঘটোৱাৰ কথা স্থানীয় ৰাইজে অৱগত কৰিছে৷ ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰিছে৷
Published by: Sanjay Kumar Das
First published: October 15, 2020, 4:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading