• Home
  • »
  • News
  • »
  • assam
  • »
  • লকডাউনৰ মাজতে মৰিয়নীৰ এইগৰাকী আইতাই দৃষ্টি কাঢ়িছে সকলোৰে, ঘৰে ঘৰে গৈ কৰিছে এই কাম

লকডাউনৰ মাজতে মৰিয়নীৰ এইগৰাকী আইতাই দৃষ্টি কাঢ়িছে সকলোৰে, ঘৰে ঘৰে গৈ কৰিছে এই কাম

ৰাইজক মাস্ক প্ৰদান কৰা লগতে মাস্ক কিয় পিন্ধিব লাগে তাকো গঞা ৰাইজক সুন্দৰকৈ বুজাই দিয়ে ডালিমী গগৈয়ে।

ৰাইজক মাস্ক প্ৰদান কৰা লগতে মাস্ক কিয় পিন্ধিব লাগে তাকো গঞা ৰাইজক সুন্দৰকৈ বুজাই দিয়ে ডালিমী গগৈয়ে।

ৰাইজক মাস্ক প্ৰদান কৰা লগতে মাস্ক কিয় পিন্ধিব লাগে তাকো গঞা ৰাইজক সুন্দৰকৈ বুজাই দিয়ে ডালিমী গগৈয়ে।

  • Share this:
সমগ্ৰ বিশ্বতে কোৰোণা মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে। লকডাউনৰ সময়ত সকলো লোক ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছে। কোৰোণা মহামাৰীৰ বিৰুদ্ধে ৰাইজক সজাগ-সচেতন কৰিবলৈ চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ নিদেৰ্শ অনুসৰি সকলোকে মাস্ক পৰিধান কৰাটো বাধ্যতামুলক কৰিছে চৰকাৰে। এনে সময়ত মাস্কৰ নাটনিয়ে দেখা দিছে বহু অঞ্চলত। বহু দৰিদ্ৰ লোকে যোগাৰ কৰিব পৰা নাই এখন মাস্ক।

সেই দৰিদ্ৰ লোকসকলৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি মৰিয়নীৰ নকছাৰী চুকাফা নগৰৰ বাসিন্দা ৯৩ বছৰীয়া স্বামীহীনা ডালিমী গগৈ নামৰ মহিলাগৰাকীয়ে গামোচাৰে তৈয়াৰী মাস্ক কোনো প্ৰচাৰ অবিহনে নীৰৱে দুখীয়া ৰাইজৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰি আহিছে। বৰ্তমানলৈকে মহিলা গৰাকীয়ে দুই শতাধিকতকৈ অধিক লোকক প্ৰদান কৰিছে গামোচাৰে তৈয়াৰী মাস্ক।

ৰাইজক মাস্ক প্ৰদান কৰা লগতে মাস্ক কিয় পিন্ধিব লাগে তাকো গঞা ৰাইজক সুন্দৰকৈ বুজাই দিয়ে ডালিমী গগৈয়ে। নিতৌ মহিলা গৰাকীয়ে এটা বেগত মাস্কখিনি ভৰাই লৈ ৰাইজৰ মাজত বিতৰণৰ বাবে ঘৰৰ পৰা ওলাই আহে। লকডাউনৰ সময়ত মাত্ৰ চাৰিদিনহে ঘৰত থকা বুলি প্ৰকাশ কৰা ডালিমী গগৈয়ে বাহিৰত ঘূৰি ফুৰা লোকসকলক লকডাউনৰ নীতি–নিয়ম পালন কৰি ঘৰত থাকিবলৈও বুজনি দি আহিছে।



ইয়াৰ উপৰি তেওঁ দহগৰাকী বিধবা মহিলাক খাদ্য সামগ্ৰী প্ৰদান কৰি সহায় কৰা বুলিও জানিবলৈ দিয়ে। এই বৃদ্ধাৱস্থাত কিয় ওলাই আহিছে বুলি সাংবাদিকে প্ৰশ্ন কৰাত ডালিমী গগৈয়ে হাঁহি এটা মাৰি কয় "এগৰাকী সমাজকৰ্মী হিচাপে ৰাইজৰ বাবে কাম কৰি ভাল পাওঁ।সেইবাবে ওলাই আহিছো। নমৰালৈকে ৰাইজৰ বাবে কাম কৰি যাম বুলি ভাবিছো।’’

আনহাতে ডালিমী গগৈয়ে নিতৌ খোজকাঢ়ি সমগ্ৰ অঞ্চলটো পৰিভ্ৰমণ কৰে বুলি প্ৰকাশ কৰা লগতে গাঁৱৰ মানুহে লকডাউন সুন্দৰকৈ পালন কৰিছে বুলি ব্যক্ত কৰে। নকছাৰী অঞ্চলবাসীয়েও এই বৰ্ষীয়ান মহিলাগৰাকীৰ উদ্যমক শলাগ লোৱাৰ লগতে তেওঁ দিয়া পৰামৰ্শ পালন কৰা বুলি জানিবলৈ দিয়ে। এতিয়া নকছাৰী অঞ্চলত মুখত মাস্ক লগাই হাতত এখন মোনা লৈ বিভিন্ন লোকক বুজনি দি থকা ডালিমী গগৈ এক পৰিচিত দৃশ্য হৈ পৰিছে।
Published by:Sanjay Kumar Das
First published: