মুখ্যপৃষ্ঠা »খবৰ »অসম »Tragic Story Of Old Lady: কংগ্ৰেছৰ দিনতো নাপালে বিজেপিৰ দিনতো পোৱা নাই, পোন্ধৰ বছৰ ধৰি আবেদন কৰিও চৰকাৰী গৃহৰ পৰা বঞ্চিত বৃদ্ধা

Tragic Story Of Old Lady: কংগ্ৰেছৰ দিনতো নাপালে বিজেপিৰ দিনতো পোৱা নাই, পোন্ধৰ বছৰ ধৰি আবেদন কৰিও চৰকাৰী গৃহৰ পৰা বঞ্চিত বৃদ্ধা

বঞ্চিত বৃদ্ধা হৰিমাই বৰুৱা

Tragic Story Of Old Lady: এটি চৰকাৰী আবাসগৃহ বিচাৰি পোন্ধৰ বছৰে আবেদনৰ পিছত আবেদন কৰিও কামত অহা নাই ৷ পুৰণিগুদাম বৰুৱাচুকৰ ৭০ বছৰীয়া হৰিমাই বৰুৱাৰ দুখৰ কাহিনী এয়া ৷

  • Share this:
সাপে-বেঙে সহবাস ৷ কোন মূহুৰ্তত হালি যোৱা ঘৰে হেঁচা মাৰি ধৰে তাৰ কোনো নিশ্চয়তা নাই ৷ আবেদনৰ পিছত আবেদন জনাইছে গ্ৰামোন্নয়ন বিভাগক ৷ না পঞ্চায়ত প্ৰতিনিধিয়ে গুৰুত্ব দিয়ে, না খণ্ড উন্নয়ন বিষয়াই গুৰুত্ব দিয়ে ৷ আনকি স্থানীয় বিধায়কেও গুৰুত্ব নিদিয়াৰ অভিযোগ এগৰাকী দুৰ্ভগীয়া বৃদ্ধাৰ।

এটি চৰকাৰী আবাসগৃহ বিচাৰি বিগত পোন্ধৰ বছৰে আবেদনৰ পিছত আবেদন কৰি আছে ৷ কিন্তু কামতহে অহা নাই ৷ পুৰণিগুদাম বৰুৱাচুকৰ ৭০বছৰীয়া হৰিমাই বৰুৱাৰ দুখৰ কাহিনী এয়া ৷ "সবকা সাথ, সবকা বিকাশ",  উন্নয়নৰ এই শ্লোগান এতিয়া যেন অসাৰ প্ৰতিপন্ন হৈছে  দৰিদ্ৰ হৰিমাই বৰুৱাৰ ক্ষেত্ৰত । দৰিদ্ৰ বৰুৱাৰ পৰিয়ালে বসবাস কৰা বাসগৃহটো দেখিলে চকুজুৰি সেমেকি পৰিব আপোনাৰো।

বহুবছৰৰ পূৰ্বেই সজা পৰিয়ালটোৰ ঘৰটো এতিয়া জৰাজীৰ্ণ।  হালি পৰিছে ঘৰটো, দুৱাৰ-খিৰিকী সমূহ জৰাজীৰ্ণ। জহি-খহি যোৱা বেৰবোৰ পচি উৱলি গৈছে ৷ মানুহ থকাৰ বাবে হৈ পৰিছে একেবাৰে অনুপযোগী। ইয়াৰ পিছতো বহুবোৰ সমস্যাৰ বোজা মুৰত লৈ জৰাজীৰ্ণ ঘৰটোতে দীৰ্ঘদিন ধৰি বসবাস কৰি আহিছে এজন পুত্ৰসহ এইগৰাকী বৃদ্ধাই। কেৱল কংগ্ৰেছ চৰকাৰৰ দিনতেই নহয়  বৰ্তমানৰ বিজেপি চৰকাৰৰ দিনটো  আবেদন-নিবেদন কৰিও আজি পৰ্য্যন্ত বিমুখ দৰিদ্ৰ পৰিয়ালটো।

চামগুৰি সমষ্টিৰ বাজিয়াগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত সুতাৰগাঁও পঞ্চায়তৰ প্ৰতিনিধি সকলকো বহুবাৰ কাকূতি-মিনতি কৰিও সুফল পোৱা নাই বৃদ্ধা গৰাকীয়ে। প্ৰতিবাৰেই ঘৰ বিচাৰি নিৰাশ হ'ব লগীয়া হোৱা বৃদ্ধা হৰিমাই বৰুৱাই আগন্তুক বাৰিষাত কেনেকৈ সেই ঘৰত বসবাস কৰিব তাক লৈ চিন্তাত পৰিছে ৷

দৰিদ্ৰ পৰিয়াল এটাৰ প্ৰাপ্য এটি চৰকাৰী গৃহ বৃদ্ধা হৰিমাই বৰুৱাই কেনেকৈ লাভ কৰিব সেয়াই এতিয়া লাখ টকীয়া প্ৰশ্ন হৈ পৰিছে ৷

শেহতীয়া বাতৰি