তাৰা চান্দ আৰু ৰেখাৰ জীয়া কাহিনী, বৃদ্ধাশ্ৰমৰ আশাত বন্দী ছট্টীশগড়ৰ দম্পতী

ৰেখাই ক’লে – ‘সন্তান থকাহেঁতেন আমাৰ আজি এই গতি নহ’লহেঁতেন৷ জীৱনৰ বাকী থকা সময়খিনি বৃদ্ধাশ্ৰমতে কটাব পাৰিলেই হ’ল৷’
ৰেখাই ক’লে – ‘সন্তান থকাহেঁতেন আমাৰ আজি এই গতি নহ’লহেঁতেন৷ জীৱনৰ বাকী থকা সময়খিনি বৃদ্ধাশ্ৰমতে কটাব পাৰিলেই হ’ল৷’
- News18 Assam
- Last Updated: December 2, 2019, 3:55 PM IST
ক’লৈ যাৱ কি কৰিব নিৰূপায় হৈ কাষ চাপিছিল হাতীগাঁও আৰক্ষীৰ৷ কিন্তু দুৰ্ভাগ্যৰ কথা কোনো সহায় নকৰি হাতীগাঁও আৰক্ষীয়ে খেদিহে পঠিয়ালে বৃদ্ধ দম্পতীক৷ নিশা দুয়োকে হাতীগাঁৱৰ পদপথত ঠাণ্ডাত কঁপি থকা প্ৰত্যক্ষ কৰিলে ৰাজু মল্লিক নামৰ এজন লোকে৷ লগে লগে লৈ গ’ল কাষতে থকা চুমা লজলৈ৷ সম্প্ৰতি চুমা লজত থকা তাৰা চান্দ আৰু ৰেখাৰ থকা–খোৱাৰ খৰছ বহন কৰিছে ৰাজু মল্লিকে৷ আইনগত সহায়ৰ বাবে সাংবাদিক মৰম কুমাৰে চলাইছে পাৰ্যমানে চেষ্টা৷
তাৰা চান্দে কয় – ‘মই ষ্টীল প্লাণ্টত কাম কৰিছিলো৷ ছট্টীশগড়ৰ ভিলাইত এতিয়া আমাৰ একো নাই৷ বয়সো যথেষ্ট হ’ল৷ যিজন মানুহে আমাক লৈ আহিছিল সেইজনৰ মই নামটোকে নাজানো৷ মোৰ হাতৰ সাংঘাতিক বিষৰ বাবে মই কামো কৰিব নোৱাৰা হ’লো৷’ পত্নী ৰেখা চান্দৰো একে কথা৷ সহায়ৰ আশাৰে ৰেখাই ক’লে – ‘সন্তান থকাহেঁতেন আমাৰ আজি এই গতি নহ’লহেঁতেন৷ জীৱনৰ বাকী থকা সময়খিনি বৃদ্ধাশ্ৰমতে কটাব পাৰিলেই হ’ল৷’
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।