‘আমাক ৰক্ষা কৰক’, জুবিন গাৰ্গৰ কাষলৈ Rapido, Ola, Uber চালক

News18 Assam | News18-Assam
Updated:February 23, 2020, 4:35 PM IST
‘আমাক ৰক্ষা কৰক’, জুবিন গাৰ্গৰ কাষলৈ Rapido, Ola, Uber চালক
চান্দমাৰীৰ প্ৰতিবাদৰ পিছতে খাৰঘুলীলৈ 'বাইক' সমদল কৰি যাত্ৰা

চান্দমাৰীৰ প্ৰতিবাদৰ পিছতে খাৰঘুলীলৈ 'বাইক' সমদল কৰি যাত্ৰা

  • Share this:
Rapido, ola, uber চাৰ্ভিচ বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰোধিতাৰে চান্দমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত চালকসকলৰ প্ৰতিবাদ ৷ পৰিবহন বিভাগে লোৱা এই সিদ্ধান্তক কঠোৰ সমালোচনাৰে চালকসকলে প্ৰদান কৰে প্ৰতিবাদী ধ্বনি ৷'পৰিবহন বিভাগৰ মইমতালী নচলিব' ধ্বনিৰে হাতত হেলমেট লৈ চালকসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদৰ পিছতে সমদল কৰি চালক সকল ৰাওনা হয় জুবিন গাৰ্গৰ কাষলৈ ৷ চালকসকলৰ বিশ্বাস তেওঁলোকক প্ৰিয় শিল্পীগৰাকীয়ে জনাব সমৰ্থন ৷

কিছুসময় জুবিন গাৰ্গৰ ঘৰৰ সন্মুখত  অপেক্ষা কৰে প্ৰতিবাদকাৰীসকলে ৷ কিন্তু পিছত যেতিয়া জুবিন গাৰ্গ কলিকতাত থকা বুলি জানিব পাৰে, তেতিয়া সেই স্থান ত্যাগ কৰে প্ৰতিবাদকাৰীসকলে।
আৰু চাওক
পৰৱৰ্তী বাতৰি