পেঙেৰীত কুখ্যাত তেল চোৰক খেদি খেদি আটক তিনিচুকীয়া আৰক্ষীৰ

আৰক্ষীৰ দলে অচ্যুতক লৈ জীতেন গগৈক অনুসৰণ কৰি গৈ নিকটৱৰ্তী জাহাজগিৰা গাঁৱৰ পথত লগ পায়গৈ যদিও বাহন এৰি জীতেন গগৈ পথাৰে পথাৰে দৌৰি পলাবলৈ চেষ্টা কৰে।
আৰক্ষীৰ দলে অচ্যুতক লৈ জীতেন গগৈক অনুসৰণ কৰি গৈ নিকটৱৰ্তী জাহাজগিৰা গাঁৱৰ পথত লগ পায়গৈ যদিও বাহন এৰি জীতেন গগৈ পথাৰে পথাৰে দৌৰি পলাবলৈ চেষ্টা কৰে।
- News18 Assam
- Last Updated: July 17, 2020, 9:02 PM IST
উল্লেখযোগ্য যে অইলৰ নিৰাপত্তাৰক্ষী দলটোৰ পৰা বাচিবলৈ টেংকাৰখন ডিব্ৰুগড়ৰ দিশে তীব্ৰগতিত আগবাঢ়ে। নিৰাপত্তাৰক্ষীৰ দলটোৰ চকুত ধুলি দি পলাই যাবলৈ সক্ষম হৈছিল কুখ্যাত তেলচোৰ বুলি সৰ্বত্ৰে জনজাত জে’ল ফেৰৎ মাকুম নিবাসী জিতেন গগৈ নামৰ লোকজন। নিজৰ বাহনেৰে পলাই গৈ তেল চোৰ চক্ৰৰ নায়ক জীতেন গগৈয়ে পেঙেৰী থানা দুৱাৰমৰাৰ নতুন আদৰ্শ গাঁৱৰ নিবাসী অচ্যুত ঢেকিয়াল ফুকন ওৰফে চূচনৰ ঘৰত আত্মগোপন কৰি আছিল। সম্পৰ্কত জীতেন গগৈ আৰু অচ্যুত ঢেকিয়াল ফুকন ককাই-ভাই।
আজি পুৱা তিনিচুকীয়া সদৰ থানাৰ অ’চি নিতুল দাস আৰু পেঙেৰী থানাৰ সহযোগত আৰক্ষীৰ দলে অচ্যুৎ ঢেকিয়াল ফুকনৰ ঘৰত তালাচী চলাইছিল যদিও ইতিপূৰ্বে বাহনসহ জীতেন গগৈ তাৰ পৰা পলাই য়ায়। আৰক্ষীৰ দলে অচ্যুতক লৈ জীতেন গগৈক অনুসৰণ কৰি গৈ নিকটৱৰ্তী জাহাজগিৰা গাঁৱৰ পথত লগ পায়গৈ যদিও বাহন এৰি জীতেন গগৈ পথাৰে পথাৰে দৌৰি পলাবলৈ চেষ্টা কৰে। খেদি খেদি গৈ আৰক্ষী দলে জীতেন গগৈক আটক কৰি বাহনসহ তিনিচুকীয়ালৈ লৈ যায়।