অইল ইণ্ডিয়া লিমিটেডৰ কাণ্ডজ্ঞানহীনতাৰ বাবে শংকিত নুমলীগড়ৰ জনসাধাৰণ!

নতুনকৈ স্থাপন কৰা খাৰুৱা তেল পৰিবাহী পাইপডাল স্থাপন কৰা স্থানত মাটিৰ তলৰ পৰা বুৰবুৰণি হৈ থকা দেখি আতংকিত হৈছে স্থানীয় ৰাইজ।
নতুনকৈ স্থাপন কৰা খাৰুৱা তেল পৰিবাহী পাইপডাল স্থাপন কৰা স্থানত মাটিৰ তলৰ পৰা বুৰবুৰণি হৈ থকা দেখি আতংকিত হৈছে স্থানীয় ৰাইজ।
- News18 Assam
- Last Updated: September 11, 2020, 9:35 AM IST
এই স্থানত ভয়াৱহভাৱে তেল নিৰ্গত হৈছে অইল ইণ্ডিয়া লিমিটেডে স্থাপন কৰা পাইপৰ পৰা৷ তেল নিৰ্গত হোৱাৰ ফলত মূৰৰ ঘাম মাটিত পেলাই কৰা শালিধানৰ খেতি এফালৰ পৰা ৰঙা পৰি যোৱাৰ লগতে গুৰিতে গেলি গৈছে। উল্লেখ যে খাৰুৱা তেল পৰিবাহী এডাল পাইপ কিছুদিনৰ আগতে অইল ইণ্ডিয়া কতৃপক্ষই স্থাপন কৰিছিল। তামুলীপথাৰ অঞ্চলৰ কৃষিপথাৰ মাজেৰে প্ৰৱাহিত পাইপ ডাল স্থাপন কৰা স্থলীত বৰ্তমান খাৰুৱা তেল নিৰ্গত হৈ অঞ্চলটোৰ কৃষকসকলৰ শালিধানৰ খেতিৰ বিস্তৰ ক্ষতি সাধন হোৱাত এতিয়া মূৰে–কপালে হাত দিছে দুৰ্ভগীয়া কৃষকসকলে।
উল্লেখযোগ্য যে নতুনকৈ স্থাপন কৰা খাৰুৱা তেল পৰিবাহী পাইপডাল স্থাপন কৰা স্থানত মাটিৰ তলৰ পৰা বুৰবুৰণি হৈ থকা দেখি আতংকিত হৈছে স্থানীয় ৰাইজ। আনহাতে তেল পৰিবাহী পাইপডাল অইল ইণ্ডিয়াই বিসংগতিপূৰ্ণভাৱে স্থাপন কৰাৰ সন্দেহ কৰিছে স্থানীয় কৃষকসকলে। যাৰ পৰিপ্ৰেক্ষিতত কাষৰীয়া কৃষি ভূমিৰ প্ৰায় দহ বিঘা শালি ধানৰ খেতি জ্বলি নষ্ট হৈছে বুলি অভিযোগ কৰিছে স্থানীয় কৃষকসকলে।