বিপদে লগ এৰা নাই অইল ইণ্ডিয়াক, এইবাৰ নাহৰকটীয়াৰ জয়পুৰত খাৰুৱা তেল পৰিবাহী পাইপ ফাটি বুৰাই পেলালে কৃষিভূমি

News18 Assam | News18-Assam
Updated:October 2, 2020, 9:26 AM IST
বিপদে লগ এৰা নাই অইল ইণ্ডিয়াক, এইবাৰ নাহৰকটীয়াৰ জয়পুৰত খাৰুৱা তেল পৰিবাহী পাইপ ফাটি বুৰাই পেলালে কৃষিভূমি
খাৰুৱা তেল সমূহ উঠাই নিয়াৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰি মাত্ৰ এখন জেচিবি লগাই এটা নলা খান্দিয়েই দায়িত্ব সামৰিছে অইল ইণ্ডিয়াই।

খাৰুৱা তেল সমূহ উঠাই নিয়াৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰি মাত্ৰ এখন জেচিবি লগাই এটা নলা খান্দিয়েই দায়িত্ব সামৰিছে অইল ইণ্ডিয়াই।

  • Share this:
বিপদে লগ এৰা নাই অইল ইণ্ডিয়াক। এইবাৰ খাৰুৱা তেল পৰিবাহী পাইপ ফাটি খাৰুৱা তেল বিয়পি ধ্বংস কৰিলে নাহৰকটীয়াৰ জয়পুৰৰ বিস্তীৰ্ণ কৃষিভূমি। উল্লেখযোগ্য যে নাহৰকটীয়াৰ জয়পুৰ অ'চিএছৰ পৰা ঊষাপুৰ অ’ছিএছ সংযোগী খাৰুৱা তেল পৰিবাহী পাইপলাইন ফাটি খাৰুৱা তেলে বুৰাই পেলাই জয়পুৰ ৰতনপুৰ গাঁৱৰ কৃষি পথাৰ। যাৰ বাবে এতিয়া মূৰে–কপালে হাত দিছে কৃষকসকলে।

কিন্তু ইয়াৰ পিছতো পথাৰখনত বৈ যোৱা খাৰুৱা তেল সমূহ উঠাই নিয়াৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰি মাত্ৰ এখন জেচিবি লগাই এটা নলা খান্দিয়েই দায়িত্ব সামৰিছে অইল ইণ্ডিয়াই। ইফালে ধ্বংস হোৱাৰ খেতি পথাৰৰ উচিত মূল্য দিবলৈ অইল ইণ্ডিয়াক দাবী জনাইছে ভুক্তভোগী কৃষকসকলে।
Published by: Sanjay Kumar Das
First published: October 2, 2020, 9:26 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি