এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘বিভিন্ন চোৰাংচোৱাৰ হাতত খবৰ আছে যে আলফাৰ ফালৰ পৰা কিছু কূটাঘাতমূলক কাম–কাজ হ’ব পাৰে। কিন্তু পৰেশ বৰুৱা ডাঙৰীয়ায়ো কৈ আছে যে তেওঁলোকৰ তেনে কোনো পৰিকল্পনা নাই।’’
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘বিভিন্ন চোৰাংচোৱাৰ হাতত খবৰ আছে যে আলফাৰ ফালৰ পৰা কিছু কূটাঘাতমূলক কাম–কাজ হ’ব পাৰে। কিন্তু পৰেশ বৰুৱা ডাঙৰীয়ায়ো কৈ আছে যে তেওঁলোকৰ তেনে কোনো পৰিকল্পনা নাই।’’
ব্যাপক হাৰত সদস্যভর্তি অভিযানেৰে সাংগঠনিক ভেটি শক্তিশালী কৰি তোলা আলফা স্বাধীনে যিকোনো মুহূৰ্তত উজনিৰ তৈলক্ষেত্ৰসমূহত বিক্ষিপ্ত ঘটনা সংঘটিত কৰিব পাৰে! অসম আৰক্ষীৰ চোৰাংচোৱা বিভাগে লাভ কৰা উদ্বেগজনক তথ্যৰ ভিত্তিত অইল ইণ্ডিয়া কর্তৃপক্ষই তৈল উদ্যোগ প্রতিষ্ঠানটোৰ অধীনত কৰ্মৰত ঠিকাভিত্তিক প্রতিষ্ঠানসমূহক সতর্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। এই সংক্ৰান্তত অইল কৰ্তৃপক্ষই ঠিকা প্রতিষ্ঠানসমূহৰ মুৰব্বী তথা বিষয়াসকলৰ সৈতে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈ আগন্তুক সময়ত আলফা স্বাধীনৰ দ্বাৰা সংঘটিত হ’ব পৰা সম্ভাব্য বিক্ষিপ্ত ঘটনা সন্দৰ্ভত আলোচনা কৰে। এইক্ষেত্ৰত তৈলক্ষেত্ৰসমূহত ল'বলগীয়া সতর্কতা সন্দৰ্ভতো আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, যোৱা বছৰ অৰুণাচলৰ ইনাও অঞ্চলত তেল অন্বেষণত নিয়োজিত কুইপ' নামৰ বহিঃৰাজ্যৰ প্রতিষ্ঠান এটাৰ দুজন কৰ্মচাৰীক অপহৰণ কৰি নি প্রায় তিনি মাহ আবদ্ধ কৰি ৰাখিছিল বিদ্রোহী সংগঠনটোৱে। সেই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই নাজিৰা গেলেকী অঞ্চলৰ পৰাও অ’ এন জি চিৰ পাঁচজনকৈ বিষয়া-কৰ্মীক অপহৰণ কৰা হৈছিল।
পুনৰ অনুৰূপ ঘটনা সংঘটিত কৰিব পাৰে বুলি চোৰাংচোৱা সংস্থাসমূহে তথ্য লাভ কৰাৰ পিচতেই সুৰক্ষাৰ দিশটোক লৈ অইল কর্তৃপক্ষই ব্যক্তিগত ঠিকা প্রতিষ্ঠানসমূহৰ সৈতে জৰুৰী বৈঠকত মিলিত হয়। চোৰাংচোৱা সংস্থাসমূহে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত আলফা স্বাধীনৰ কেইবাজনীয়া দল এটাই আত্মগোপন কৰি থকা বুলি তথ্য লাভ কৰাৰ পিছতেই অইল কর্তৃপক্ষই বিষয়টোৰ গুৰুত্ব বুজি নিৰাপত্তা সংক্রান্তীয় বৈঠক অনুষ্ঠিত কৰে।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘বিভিন্ন চোৰাংচোৱাৰ হাতত খবৰ আছে যে আলফাৰ ফালৰ পৰা কিছু কূটাঘাতমূলক কাম–কাজ হ’ব পাৰে। আৰু তাৰ বাবে তেওঁলোকে নিজৰ প্ৰস্তুতি বা ৰাইজক নিৰাপত্তা দিয়াৰ বাবে চেষ্টা কৰিছে। কিন্তু পৰেশ বৰুৱা ডাঙৰীয়ায়ো কৈ আছে যে তেওঁলোকৰ তেনে কোনো পৰিকল্পনা নাই। গতিকে এই বিষয়ত আমি বহু বিতৰ্কলৈ নগৈ, আমাৰ মানুহ সুৰক্ষিত হৈ থাকিব পাৰিলেই হ’ল, অসমত ব্যৱসায়–বাণিজ্যৰ এটা পৰিৱেশ নিৰ্মাণ হৈছে। অসমত যদি আমি এটা শান্তিৰ পৰিৱেশ দিব পাৰে, অসমক অহা ৪–৫ বছৰত বহু ওপৰলৈ লৈ যাব পাৰিম। সেইবাবে মই ভাৱো যে অসমীয়া হিচাপে আলফায়ো নিশ্চয় অসমৰ মাটিত কোনো কূটাঘাতৰ কথা চিন্তা নকৰে।’’