বাঘজানৰ তৈল খাদত আকৌ অঘটন! বিদ্যুত্‍পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে অইলৰ কৰ্মচাৰীয়ে

News18 Assam | News18-Assam
Updated:September 9, 2020, 9:15 PM IST
বাঘজানৰ তৈল খাদত আকৌ অঘটন! বিদ্যুত্‍পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে অইলৰ কৰ্মচাৰীয়ে
বাঘজানৰ তৈল খাদত আকৌ অঘটন!

বাঘজানৰ তৈল খাদত আকৌ অঘটন!

  • Share this:
বাঘজানৰ তৈল খাদত আকৌ অঘটন! বি জি আৰ ৫ নং তৈল খাদত অইলৰ বিদ্যুত্‍ বিভাগৰ এজন কৰ্মচাৰীয়ে বিদ্যুত্‍পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি ল’লে। কৰ্মচাৰী জনৰ নাম অৰ্ণৱ কুমাৰ বৰদলৈ বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, কৰ্মচাৰী জনে জেনাৰেট মেৰামতিৰ কাম কৰি থকাৰ সময়ত বিদ্যুত্‍পৃষ্ট হয়।

ঘটনা সংঘটিত হোৱাৰ পিছতে কৰ্মচাৰীজনক তিনিচুকীয়া অসামৰিক চিকিত্‍সালয়লৈ অনা হৈছিল। কিন্তু উন্নত চিকিত্‍সাৰ কৰ্মচাৰীজনক ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়। কিন্তু পিছত  AMCHতে মৃত্যুক আঁকোৱালি লয়। ঘটনাৰ ফলত এতিয়া সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
Published by: Himangshu Bhuyan
First published: September 9, 2020, 9:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি