৭৬দিনৰ পিছতো জ্বলিয়ে আছে জুই, বাঘজানত BOP স্থাপনত পুনৰ বিফল অইল ইণ্ডিয়া লিমিটেড

News18 Assam | News18-Assam
Updated:August 11, 2020, 8:56 AM IST
৭৬দিনৰ পিছতো জ্বলিয়ে আছে জুই, বাঘজানত BOP স্থাপনত পুনৰ বিফল অইল ইণ্ডিয়া লিমিটেড
তিনিচুকীয়াৰ বাঘজানৰ অভিশপ্ত তৈল খাদৰ অগ্নিকাণ্ডৰ ৭৬ টা দিন অতিক্ৰম কৰাৰ পাচতো জুই নিৰ্বাপন কৰিব পৰা নাই অইল ইণ্ডিয়া লিমিটেডে।

তিনিচুকীয়াৰ বাঘজানৰ অভিশপ্ত তৈল খাদৰ অগ্নিকাণ্ডৰ ৭৬ টা দিন অতিক্ৰম কৰাৰ পাচতো জুই নিৰ্বাপন কৰিব পৰা নাই অইল ইণ্ডিয়া লিমিটেডে।

  • Share this:
সময় তেতিয়া ১ বাজিছিল। তেওঁলোকে খোৱাৰ যা-যোগাৰ কৰিছিল। তেনে সময়তে হয় প্ৰচণ্ড শব্দ। নিমিষতে মচ খালে কাৰোবাৰ সপোন। লঠঙা হ’ল সেউজীয়াবোৰ। তিনিচুকীয়াৰ বাঘজানৰ অভিশপ্ত তৈল খাদৰ অগ্নিকাণ্ডৰ ৭৬ টা দিন অতিক্ৰম কৰাৰ পাচতো জুই নিৰ্বাপন কৰিব পৰা নাই অইল ইণ্ডিয়া লিমিটেডে।

সোমবাৰে দ্বিতীয়বাৰৰ বাবে BGR -৫ নং ত BOP(Blow Out Preventer) স্থাপনৰ দ্বাৰা শেষ যুদ্ধৰ প্ৰস্তুতি চলাইছিলে অইল ইণ্ডিয়া কৰ্তৃপক্ষই কিন্তু পুনৰ বিফল হ’ল লগতে জুই নিৰ্বাপনৰ ক্ষেত্ৰত অনিশ্চয়তা দেখা গৈছে।



তাৎপৰ্যপূৰ্ণ যে, ৭৬ দিনৰ দিনা কিছু স্বস্তিৰ নিঃশ্বাস ঘূৰি আহিছিল বাঘজানৰ জনতালৈ ৷ সোমবাৰে পুৱা অভিশপ্ত BGR ৫ নং গেছ কুপত স্থাপন কৰিবলৈ সক্ষম হ'ল BOP ৷ ইয়াৰ দ্বাৰা কূপটোত অবিৰত ভাবে জ্বলি থকা আকাশচুম্বী জুইৰ শিখা নুমুৱাবলৈ যে অইলে সক্ষম হ'ব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছিল যদিও কিছু কাৰিকৰি বিজুতিৰ ফলত লগতে ভূ গৰ্ভৰ ৩০০০ হাজাৰ ফুট তলৰ পৰা যি অধিক মাত্ৰাত গেছ নিৰ্গম আৰু প্ৰচণ্ড গৰমৰ ফলত লগতে BOPত ওলোটাকৈ ভাল্ব স্থাপন কৰা হৈছিল যাৰ বাবেই উঠাই দিয়া হল BOP আৰু এতিয়া মেৰামতিৰ কাম চলি আছে ৷

মেৰামতি সম্পূৰ্ণ হ'লে পুনৰ স্থাপনৰ চেষ্টা চলাব অগ্নিযোদ্ধা সকলে। জানিব পৰা মতে এতিয়া জুইৰ পৰিমাণ আৰু কম্পন আগতকৈ বহু বৃদ্ধি পাইছে ফলত  বাঘজানৰ ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছে আৰু সকলোৱে আতংকত ভুগি আছে লগতে ওচৰত থকা মাগুৰি মতাপঙ বিল আৰু ডিব্ৰু - ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ ভাবুকি কঢ়িয়াই আনিছে, বৰ্তমান সকলো ধ্বংসৰ পথত।

এই ঘটনাৰ পাছত অইল ইণ্ডিয়া লিমিটেড জানিব দিয়ে যে আৰু তিনি দিনৰ ভিতৰত জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰিব কিন্তু কিমান সফল হব সেয়াহে লক্ষ্যনীয় হ’ব। ইফালে বাঘজানৰ অগ্নি নিৰ্বাপন নোহোৱাৰ বাবে সম্পূৰ্ণ ৭৬ টা দিন ধৰি আশ্ৰয় শিবিৰতে দিন অতিবাহিত কৰিছে বাঘজানৰ লগতে নতুন ৰঙাগড়া বাসী ৰাইজে ফলত পুনৰ উত্তপ্ত হৈছে বাঘজান।

কেতিয়া নিৰ্বাপন হ’ব বাঘজানৰ জুই সেয়াই এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে। বাঘজান বাসীৰ মনত এতিয়া অইল ইণ্ডিয়াৰ প্ৰতি যেন আশ্বাস নাইকীয়া হৈ গৈছে।
First published: August 11, 2020, 8:56 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি