ৰঙিয়াত আধাৰ কাৰ্ড বনোৱাৰ নামত ব্যাপক দুৰ্নীতি, এজনৰ পৰা ৫০০–১০০০ টকাকৈ সংগ্ৰহ

News18 Assam | News18-Assam
Updated:September 16, 2020, 8:43 AM IST
ৰঙিয়াত আধাৰ কাৰ্ড বনোৱাৰ নামত ব্যাপক দুৰ্নীতি, এজনৰ পৰা ৫০০–১০০০ টকাকৈ সংগ্ৰহ
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰা লোকসকলে প্ৰমাণ পত্ৰৰ লগত আধাৰ কাৰ্ড জমা কৰিব লাগে। সেয়েহে যিকোনো প্ৰকাৰে আধাৰ কাৰ্ড বনাবলৈ আহিছে দৰিদ্ৰ সীমাৰেখাৰ লোকসকল।

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰা লোকসকলে প্ৰমাণ পত্ৰৰ লগত আধাৰ কাৰ্ড জমা কৰিব লাগে। সেয়েহে যিকোনো প্ৰকাৰে আধাৰ কাৰ্ড বনাবলৈ আহিছে দৰিদ্ৰ সীমাৰেখাৰ লোকসকল।

  • News18 Assam
  • Last Updated: September 16, 2020, 8:43 AM IST
  • Share this:
ৰঙিয়াত আধাৰ কাৰ্ড বনোৱাৰ নামত ব্যাপক দুৰ্নীতি। ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনৰ আধাৰ কাৰ্ড কেন্দ্ৰত পাঁচশ টকাৰ পৰা লৈছে এহেজাৰ টকা পৰ্যন্ত। কেন্দ্ৰটোৰ ভেৰিফাই বিষয়া ৰমেশ শৰ্মাৰ বিৰুদ্ধে আধাৰ কাৰ্ড বনাবলৈ যোৱা লোকসকলৰ পৰা ধন লোৱাৰ অভিযোগ। টকা নিদিলে ওভতাই পঠোৱা হয় দৰিদ্ৰ লোকসকলক। এই অভিযোগ আধাৰ কাৰ্ড বনাবলৈ অহা ভুক্তভোগী লোকসকলৰ।

সেয়েহে ঘৰৰ হাঁহ, কুকুৰা বিক্ৰী কৰি আধাৰ কাৰ্ড বনাবলৈ আহিছে দৰিদ্ৰ শ্ৰেণীৰ লোকসকল। টকা দিয়াৰ পিছতহে আধাৰ কাৰ্ড বনাই দিয়ে কেন্দ্ৰটোৰ ভেৰিফাই বিষয়া ৰমেশ শৰ্মাই। ৰমেশ শৰ্মা হৈছে ৰঙিয়া পৌৰসভা কাৰ্যালয়ৰ ২য় বৰ্গৰ কৰ্মচাৰী।

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰা লোকসকলে প্ৰমাণ পত্ৰৰ লগত আধাৰ কাৰ্ড জমা কৰিব লাগে। সেয়েহে যিকোনো প্ৰকাৰে আধাৰ কাৰ্ড বনাবলৈ আহিছে দৰিদ্ৰ সীমাৰেখাৰ লোকসকল। তাৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে কেন্দ্ৰটোৰ ভেৰিফাই বিষয়াই। মহকুমা প্ৰশাসনলৈ ৰাইজৰ আহ্বান, দুৰ্নীতিপৰায়ণ বিষয়াক উচিত শাস্তি দিয়ক।
Published by: Sanjay Kumar Das
First published: September 16, 2020, 8:43 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading