• Home
  • »
  • News
  • »
  • assam
  • »
  • ৪ বিঘা মাটিত ভোট জলকীয়াৰ খেতি। উপাৰ্জনৰ টকাৰে জিলিকাই তোলা হ'ব এটা চৰকাৰী অফিচ!

৪ বিঘা মাটিত ভোট জলকীয়াৰ খেতি। উপাৰ্জনৰ টকাৰে জিলিকাই তোলা হ'ব এটা চৰকাৰী অফিচ!

ভোট জলকীয়া খেতিৰ উপাৰ্জনৰ টকাৰে সৌন্দৰ্যবৰ্ধন কৰিব এটা চৰকাৰী কাৰ্যালয়

ভোট জলকীয়া খেতিৰ উপাৰ্জনৰ টকাৰে সৌন্দৰ্যবৰ্ধন কৰিব এটা চৰকাৰী কাৰ্যালয়

ভোট জলকীয়া খেতিৰ উপাৰ্জনৰ টকাৰে সৌন্দৰ্যবৰ্ধন কৰিব এটা চৰকাৰী কাৰ্যালয়

  • Share this:
এটা ব্যতিক্ৰমী চৰকাৰী কাৰ্যালয়। কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰী সকলে লৈছে এক অনন্য  পদক্ষেপ। জয়পুৰ উন্নয়ন খণ্ডৰ  বিষয়া ৰঞ্জিত বুঢ়াগোহাঁই আৰু কাৰ্যালয়টোত জড়িত বিষয়া কৰ্মচাৰী সকলে কাৰ্যালয়টো আটকধুনীয়াকৈ সজাবলৈ কাৰ্যালয়  চৌহদত থকা পৰিত্যক্ত প্ৰায় চাৰি বিঘা মাটিত এতিয়া আৰম্ভ কৰিছে ভোট জলকীয়া খেতি।

সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা ভোট জলকীয়া খেতিৰে বছৰি দুই লাখকৈ তিনি বছৰত ছয় লাখ টকা উপাৰ্জন কৰি কাৰ্যালয়টো  সৌন্দৰ্যবৰ্ধন কৰাৰ লক্ষ্য বান্ধি লৈছে বিষয়া কৰ্মচাৰী সকলে ।একেদৰে খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে কাৰ্যালয়টোত দীৰ্ঘদিন ধৰি পৰি থকা ইটা, ৰ'ডেৰে নিৰ্মাণ কৰিছে এখন পাৰ্ক।

কাৰ্যালয়টোৰ চৌহদত থকা বিল্ডিং সমূহত অসমীয়া কলা সংস্কৃতি  লগতে বুলবুলি চৰাইৰ যুঁজ, মহ যুঁজ, মেজি ঘৰৰ ছবি অংকণ কৰি কাম কৰাৰ এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰিছে বিষয়াগৰাকীয়ে।কাৰ্যালয়টো আটকধুনীয়া সজাই লোৱা আৰু ভোট জলকীয়া খেতিৰে কাৰ্যালয়টোৰ  ৰাজ ভৰাল টনকিয়াল কৰা কাৰ্যক প্ৰশংসা কৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই। কাৰ্যালয়টোৰ চৌহদৰ এনে পৰিৱেশে কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰীসকলৰ কাম কৰাৰ স্পৃহা বৃদ্ধি কৰাৰ উপৰিও কাৰ্যালয়টোলৈ অহা যোৱা কৰা লোকসকলেও এক সুন্দৰ পৰিৱেশ দেখিবলৈ পাব বুলি আশা প্ৰকাশ কৰে উপায়ুক্ত গৰাকীয়ে।
Published by:Kokil Sarma
First published: