ৰসগোল্লা কাৰ? ৰসগোল্লাৰ যুদ্ধত জিকিল কোন?

পশ্চিমবংগৰ একাংশই কৈছে– ‘মিঠা ৰসগোল্লা খাই ওঠ পুৰিল উৰিষ্যাৰ!

News18-Assam
Updated:October 31, 2019, 9:16 PM IST
ৰসগোল্লা কাৰ? ৰসগোল্লাৰ যুদ্ধত জিকিল কোন?
Source-Google
News18-Assam
Updated: October 31, 2019, 9:16 PM IST
ৰসগোল্লা কাৰ? এই বিষয়ে বহু দিন ধৰি বিবাদ চলি আছিল পশ্চিমবংগ আৰু উৰিষ্যাৰ  মাজত। উৰিষ্যাই জি আই ৰেজিষ্ট্ৰেচন অফিচত নিজকে ৰসগোল্লাৰ আবিষ্কাৰক বুলি দাবী কৰিছিল যদিও, বৃহস্পতিবাৰে এই সংক্ৰান্তত জি আই অফিচত নথি পত্ৰ জমা দিয়াত ব্যৰ্থ হয় উৰিষ্যা।  ফলস্বৰুপে এতিয়াৰ পৰা উৰিষ্যাই নিজক ৰসগোল্লাৰ আবিষ্কাৰক বুলি দাবী কৰিব নোৱাৰিব। জি আই অফিছৰ স্বীকৃতি অনুসৰি ৰসগোল্লাৰ আবিষ্কাৰক হ’ল পশ্চিমবংগ।

আনুষ্ঠানিক ভাবে পশ্চিমবংগক ৰসগোল্লাৰ আবিষ্কাৰকৰ স্বীকৃতি দিয়াত এতিয়া ব্যাপক উচাহ দেখা পোৱা গৈছে পশ্চিমবংগত। একাংশই বিভিন্ন ধৰণৰ কথাৰে উৰিষ্যাক তাচ্ছিল্ল কৰাও দেখা পোৱা গৈছে।

 

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি