চৰকাৰী দৰমহাৰে পেট নভৰে! যুৱকক ধনদাবী কৰি দুৰ্নীতি নিবাৰকৰ জালত ডবকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া

News18 Assam | News18-Assam
Updated:November 29, 2019, 9:53 AM IST
চৰকাৰী দৰমহাৰে পেট নভৰে! যুৱকক ধনদাবী কৰি দুৰ্নীতি নিবাৰকৰ জালত ডবকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া
উল্লেখযোগ্য যে আৰক্ষী বিষয়া নীলোৎপল ভূঞাই এয়া প্ৰথম নহয়, ইয়াৰ পূৰ্বেও বহু লোকৰ পৰা উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে।

উল্লেখযোগ্য যে আৰক্ষী বিষয়া নীলোৎপল ভূঞাই এয়া প্ৰথম নহয়, ইয়াৰ পূৰ্বেও বহু লোকৰ পৰা উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে।

  • Share this:
ডবকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলোৎপল ভূঞাক গ্ৰেপ্তাৰ। নিশা দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে আৰক্ষী বিষয়াগৰাকীক। আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে ডবকাৰ আৰিফ নামৰ এজন যুৱকক ধন দাবী কৰাৰ অভিযোগ। যুৱকজনৰ ওপৰত ৰুজু হৈ থকা এটা গোচৰৰ নামত ১০ হাজাৰ টকা দাবী কৰিছিল নীলোৎপল ভূঞাই। ধন দিবলৈ অমান্তি হৈ যুৱকজন কাষ চাপিছিল দুৰ্নীতি নিবাৰক শাখাৰ।

দুৰ্নীতি নিবাৰক শাখাই কৌশলেৰে যুৱকজনে ১০ হাজাৰ টকা দিয়াৰ পিছতে গ্ৰেপ্তাৰ কৰে আৰক্ষী বিষয়াজনক। নীলোৎপল ভূঞাৰ বিৰুদ্ধে ৩৬০/১৯ নম্বৰৰ এক গোচৰ ৰুজু কৰি নিশাই গুৱাহাটীৰ মুখ্য কাৰ্যালয়লৈ লৈ আহে দুৰ্নীতি নিবাৰক শাখাৰ দলে।

উল্লেখযোগ্য যে আৰক্ষী বিষয়া নীলোৎপল ভূঞাই এয়া প্ৰথম নহয়, ইয়াৰ পূৰ্বেও বহু লোকৰ পৰা উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি