অসম আৰক্ষীৰ বৰ্বৰতা! যুৱতীক উলংগ কৰি ওৰেনিশা শাৰীৰিক অত্যাচাৰ

তিনি যুৱতীক গুৱাহাটীৰ পৰা উঠাই নি অত্যাচাৰ চলাইছিল আৰক্ষীয়ে।

News18-Assam
Updated:September 17, 2019, 5:01 PM IST
অসম আৰক্ষীৰ বৰ্বৰতা! যুৱতীক উলংগ কৰি ওৰেনিশা শাৰীৰিক অত্যাচাৰ
তিনি যুৱতীক গুৱাহাটীৰ পৰা উঠাই নি অত্যাচাৰ চলাইছিল আৰক্ষীয়ে।
News18-Assam
Updated: September 17, 2019, 5:01 PM IST
অসম আৰক্ষীৰ চূড়ান্ত বৰ্বৰতাৰ এক ঘটনা পোহৰলৈ আহিছে দৰং জিলাত। বুঢ়া আৰক্ষী চকীত ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাই তিনি যুৱতীক উলংগ কৰি ওৰেনিশা শাৰীৰিক উৎপীড়ন চলোৱাৰ অভিযোগ। এই জঘন্য কাণ্ডত সহযোগ কৰিছিল এগৰাকী মহিলা কনিষ্টবলে। মহিলাকেইগৰাকীক যৌন নিৰ্যাতন চলোৱাৰো অভিযোগ বিষয়াজনৰ বিৰুদ্ধে। ৯ ছেপ্টেম্বৰত সংঘটিত হৈছিল এই বৰ্বৰ কাণ্ড। তিনি যুৱতীক গুৱাহাটীৰ পৰা উঠাই নি অত্যাচাৰ চলাইছিল আৰক্ষীয়ে। আচামীক নাপাই আত্মীয়ক উঠাই নিছিল আৰক্ষীয়ে। মহেন্দ্ৰ শৰ্মাৰ বিৰুদ্ধে দৰঙৰ আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে। বিষয়টো গাপ দিয়াৰ চেষ্টা দৰং আৰক্ষী অধীক্ষকৰ। এইপৰ্যন্ত OC মহেন্দ্ৰ শৰ্মাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই দৰং আৰক্ষীয়ে।



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি