মুখ্যপৃষ্ঠা »খবৰ »অসম »Guwahati : অন্য পুৰুষৰে পত্নীৰ অশ্লীল ফটো ভাইৰেল, সহিব নোৱাৰি স্বামীয়ে পল্টনবজাৰ আৰক্ষীক ভইচ মেছেছ কৰি ল'লে চৰম পথ

Guwahati : অন্য পুৰুষৰে পত্নীৰ অশ্লীল ফটো ভাইৰেল, সহিব নোৱাৰি স্বামীয়ে পল্টনবজাৰ আৰক্ষীক ভইচ মেছেছ কৰি ল'লে চৰম পথ

আৰক্ষীয়ে সহায় নকাৰৰ অভিযোগ তুলি সমগ্ৰ ঘটনাৰ সন্দৰ্ভত পল্টনবজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পৰিয়ালে।

আৰক্ষীয়ে সহায় নকাৰৰ অভিযোগ তুলি সমগ্ৰ ঘটনাৰ সন্দৰ্ভত পল্টনবজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পৰিয়ালে।

আৰক্ষীয়ে সহায় নকাৰৰ অভিযোগ তুলি সমগ্ৰ ঘটনাৰ সন্দৰ্ভত পল্টনবজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পৰিয়ালে।

  • Share this:
ভাৰপ্ৰাপ্ত আৰক্ষীক আত্মহত্যা কৰিম বুলি ভইচ মেছেজ প্ৰেৰণ কৰি চৰম পথ ল'লে প্ৰণৱ বৰুৱা নামৰ এজন লোকে। ইয়াকে লৈ মহানগৰীৰ পল্টন বজাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ ওপৰত উঠিছে ভয়ংকৰ অভিযোগ।

উল্লেখ্য, কিছুদিন পূৰ্বে অন্য পুৰুষৰে পত্নীৰ অশ্লীল ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত স্বামী বৰুৱাই সহায় বিচাৰিছিল আৰক্ষীৰ। কিন্তু অভিযোগ মতে, আৰক্ষীৰ ওচৰত ফটো ভাইৰেল কৰা ব্যক্তিৰ তথ্য দিয়া পিছতো ব্যৱস্থা গ্ৰহণ কৰা নাছিল পল্টন বজাৰ আৰক্ষীয়ে।

সেয়ে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক হোৱাটছ এপত ভইচ মেছেজ প্ৰেৰণ কৰি আত্মহত্যা কৰাৰ কথা উল্লেখ কৰি মৃত্যুক আঁকোৱালি লয় প্ৰণৱ বৰুৱাই।

পত্নীৰ অবৈধ প্ৰেমৰ পৰিণতিত আত্মহত্যা কৰা এই ঘটনা মহানগৰীৰ লাচিতনগৰৰ নাথ পথৰ ঘৰ নং ৯ত সংঘটিত হৈছে। আত্মহত্যাৰ পূৰ্বে প্ৰণৱ বৰুৱাই পল্টনবজাৰ আৰক্ষীৰ লগতে পৰিয়ালৰ লোকলৈ প্ৰেৰণ কৰিছিল আত্মহত্যাৰ খবৰ।

দীৰ্ঘদিনৰ পৰাই অবৈধ প্ৰেমত লিপ্ত আছিল প্ৰণৱ বৰুৱাৰ পত্নী। আমিনগাঁৱৰ এগৰাকী যুৱকৰ সৈতে অবৈধ প্ৰেম আছিল পত্নীৰ। পিছত সামাজিক মাধ্যমত পত্নী আৰু প্ৰেমিকৰ অশ্লীল ফটো ভাইৰেল হোৱাৰ বাবেই আত্মহত্যা কৰে স্বামীয়ে। আৰক্ষীয়ে সহায় নকৰাৰ অভিযোগ তুলি সমগ্ৰ ঘটনাৰ সন্দৰ্ভত পল্টনবজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পৰিয়ালে।

শেহতীয়া বাতৰি