உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নতুন সমিতিৰ শপতগ্ৰহণ, প্ৰতাপ কছাৰীক পৰিষদৰ মুখ্য কাৰ্যৱাহী সদস্যৰ দায়িত্ব

    ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নতুন সমিতিৰ শপতগ্ৰহণ, প্ৰতাপ কছাৰীক পৰিষদৰ মুখ্য কাৰ্যৱাহী সদস্যৰ দায়িত্ব

    কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাৰ উপস্থিতিত ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নৱ নিৰ্বাচিত বিষয়ববীয়াসকলৰ শপতগ্ৰহণ অনুষ্ঠান শনিবাৰে হৈ যায়।

    কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাৰ উপস্থিতিত ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নৱ নিৰ্বাচিত বিষয়ববীয়াসকলৰ শপতগ্ৰহণ অনুষ্ঠান শনিবাৰে হৈ যায়।

    কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাৰ উপস্থিতিত ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নৱ নিৰ্বাচিত বিষয়ববীয়াসকলৰ শপতগ্ৰহণ অনুষ্ঠান শনিবাৰে হৈ যায়।

    • Share this:
    কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাৰ উপস্থিতিত ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নৱ নিৰ্বাচিত বিষয়ববীয়াসকলৰ শপতগ্ৰহণ অনুষ্ঠান শনিবাৰে হৈ যায়। তিতাবৰস্থিত কৃষ্ণচূড়া উদ্যানৰ মুকলি মঞ্চত ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নৱনিৰ্বাচিত সদস্যসকলৰ শপতগ্ৰহণ অনুষ্ঠান আৰু প্ৰথম সাধাৰণ সভাখন অনুষ্ঠিত হয় ৷ মুঠ ২২ জন সদস্যৰে গঠিত পৰিষদৰ সকলো সদস্যকে মন্ত্ৰীগৰাকীয়ে আগন্তুক কাৰ্যকালৰ বাবে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে ৷ উল্লেখযোগ্য ইতিমধ্যে হৈ যোৱা  ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ যোৱা ২৪ জানুৱাৰীত ভোট গণনা হৈ যায় আৰু শনিবাৰে নৱ নিৰ্বাচিত সদস্যসকলে শপত গ্ৰহণ কৰাৰ লগতে নতুন সমিতিখনো গঠন কৰা হয় ৷

    যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে অনুষ্ঠানত অধ্যক্ষৰূপে উপস্থিত থাকি নতুন সমিতিৰ বিষয়ববীয়া সকলক শপত বাক্য পাঠ কৰায় ৷ নতুন সমিতি অনুসৰি আগন্তুক কাৰ্যকালৰ বাবে প্ৰাক্তন মুখ্য কাৰ্যৱাহী সদস্য কুমুদ কছাৰীক অধ্যক্ষ , পুলক কছাৰীক উপাধ্যক্ষ , প্ৰাক্তন উপ মুখ্য কাৰ্যৱাহী সদস্য প্ৰতাপ কছাৰীক পৰিষদৰ মুখ্য কাৰ্যৱাহী সদস্য আৰু বিহপুৰীয়াৰ প্ৰাক্তন বিধায়ক কেশৰাম বৰাক উপ মুখ্য কাৰ্যৱাহী সদস্যৰ দায়িত্ব অৰ্পণ কৰা হয় ৷ আনহাতে অন্য ৭ গৰাকী সদস্যক কাৰ্যৱাহী সদস্য হিচাপে দায়িত্ব দিয়া হয়৷

    পৰিষদৰ প্ৰধান সচিব তথা জিলা উন্নয়ন আয়ুক্ত অধৰ ভূঞাই উদ্দেশ্য বাখ্যা কৰা অনুষ্ঠানটিত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, ঢকুৱাখানৰ বিধায়ক নৱ কুমাৰ দলে, মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, অসম  উদ্যোগিক আন্ত: গাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰী , নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ যোগেশ্বৰ বড়াৰ  লগতে বহু কেইগৰাকী  বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷
    Published by:Himangshu Bhuyan
    First published: