ৰাজ্যপালৰ আগমন আৰু শপত গ্ৰহণৰ বাবেই নৰূপত সজাই–পৰাই তোলা হৈছে ডিফুৰ সমীপৰ তাৰালাংছোৰ শপত গ্ৰহণ ক্ষেত্ৰ।
ৰাজ্যপালৰ আগমন আৰু শপত গ্ৰহণৰ বাবেই নৰূপত সজাই–পৰাই তোলা হৈছে ডিফুৰ সমীপৰ তাৰালাংছোৰ শপত গ্ৰহণ ক্ষেত্ৰ।
আজি কাৰ্বি আংলং স্বায়িত্তশাসিত পৰিষদৰ বিজেপিৰ নৱ নিৰ্বাচিত ২৬ গৰাকী সদস্যৰ লগতে মুখ্য কাৰ্যবাহী সদস্য হিচাপে তুলিৰাম ৰংহাঙে শপত গ্ৰহণ কৰিব। এইবাৰ কাৰ্বি আংলং স্বায়িত্তশাসিত পৰিষদত প্ৰথমবাৰলৈ অসমৰ ৰাজ্যপালে নিৰ্বাচিত সদস্যসকলৰ লগতে মুখ্য কাৰ্যবাহী সদস্যক শপত গ্ৰহণ কৰাব। ৰাজ্যপালৰ আগমন আৰু শপত গ্ৰহণৰ বাবেই নৰূপত সজাই–পৰাই তোলা হৈছে ডিফুৰ সমীপৰ তাৰালাংছোৰ শপত গ্ৰহণ ক্ষেত্ৰ।
উল্লেখযোগ্য যে কাৰ্বি আংলং জিলাৰ ১৭ গৰাকী নিৰ্বাচিত সদস্য ক্ৰমে সিংহাসনৰ অমৰছিং টিছো, নমাটিৰ ৰিতেশ ইংহি, মহালয়াৰ লুনছিং টেৰন, চোচেং ধেন্টাৰ কাছে ৰংপিপী, কৰকান্থীৰ ৰাজু টিছো, লানহিঙৰ বিলমোহন খাখলাৰী, ফুলনিৰ কানবুৰা কিলিং, লাংফেৰৰ মধুৰাম লেখটে, লুম্বাজঙৰ জনি তিমুং, ধনশিৰিৰ তিলোত্তমা হাছনু, হাওৰাঘাটৰ অজিত কুমাৰ দে, বোকাজানৰ মাধুৰ্য্য ঢেকিয়াল ফুকন, নিলিপৰ পবিত্ৰ ৰংপি, দুৱাৰ বাগৰিৰ ৰিচাৰ্দ টকবি, বৰজানৰ সূৰ্য ৰংফাৰ, সৰুপথাৰৰ কাদম টেৰাংপী আৰু দেওপানীৰ শ্ৰৱন তেংলেগাৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাৰ ৯ গৰাকী সদস্য ক্ৰমে তুলিৰাম ৰংহাং, প্ৰভাত টাৰো, ডি উফিং মিছলাই, অভিজিৎ ক্ৰ’, লম্বিছন বে, হেডছিং ৰংফাৰ, মংগলছিং তিমুং, পৱন কুমাৰ আৰু ৰীনা টেৰাংপীয়ে আজি শপত ল’ব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|