কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ক্লীন ছুইপ কৰি বিজেপিয়ে জয়লাভ কৰিছিল ২৬খন আসনত। আজি পৰিষদখনৰ নৱনির্বাচিত সদস্যসকলৰ শপতগ্রহণ অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে নিৰ্বাচিত সদস্যসকলক (oath taking ceremony of newly elected members) শপতবাক্য পাঠ কৰায়।
সোমবাৰে ডিফুত অনুষ্ঠিত শপতগ্রহণ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাও। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শপত গ্ৰহণ কৰা ২৬গৰাকী নির্বাচিত সদস্যৰ মাজত আজি যথেষ্ট উৎসাহ আৰু উদ্দীপনা দেখা গৈছে। ইয়াৰ জৰিয়তে এই কথা নিশ্চিত হৈ পৰিছে যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ (Karbi Anglong Autonomous Council) নিৰ্বাচনৰ প্ৰাকক্ষণত জনসাধাৰণক দিয়া প্রতিশ্রুতি পূৰণৰ দিশত ইয়ে ইতিবাচক প্রভাৱ পেলাব।
তেওঁ লগতে ৰাজ্যৰ শেহতীয়া বানপানী সন্দৰ্ভত কয় যে জিলা প্রশাসনসহিতে ৰাজ্যিক প্রশাসনে এক সমন্বিত পদ্ধতিৰে বান ক্ষতিগ্রস্ত জনসাধাৰণৰ দুর্দশা লাঘৱ কৰাৰ বাবে কাম কৰি আছে।
মুখ্যমন্ত্ৰীয়ে (Himanta Biswa Sarma) সেনা, বায়ু সেনা, এনডিআৰএফকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠানৰ লগতে অন্যান্য প্রতিষ্ঠানসমূহেও বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে সম্ভৱপৰ সকলা ধৰণৰ সহযোগিতা আগবঢ়াইছে বুলিও উল্লেখ কৰে।।
আজিৰ এই শপত গ্রহণ অনুষ্ঠানত ৰাজ্যপাল (Governor Jagdish Mukhi) আৰু মুখ্যমন্ত্ৰীৰ লগতে ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্রী যোগেন মহন, সাংসদ হৰেন সিং বে' আৰু কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|