বাৰ্মিজ চুপাৰিৰ বাবে এতিয়া বিপাঙত পৰিছে বৰাক উপত্যকাৰ থলুৱা চুপাৰি বা তামোল ব্যবসায়ীসকল। অসম আৰক্ষীয়ে বৰাক উপত্যকাত বাৰ্মিজ চুপাৰিৰ (Burmese Betel-Nuts) বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ প্ৰভাৱ পৰিছে থলুৱা তামোলৰ ব্যবসায়তো। কাৰণ বাৰ্মিজ চুপাৰি আৰু স্থানীয় তামোলৰ মাজতে দেখাত নাই কোনো পাৰ্থক্য।
ফলত এতিয়া স্থানীয় তামোলৰ বৰাক উপত্যকাৰ (barak valley) পৰা ৰপ্তানি সম্পূৰ্ণ বন্ধ হৈ পৰিছে, যাৰ ফলত হাহাকাৰ কৰিবলগীয়া হৈছে স্থানীয় সৰু ব্যবসায়ী আৰু কৃষকসকলে। বৰাক উপত্যকাৰ তিনি জিলাত দীৰ্ঘ বছৰৰ পৰা ধানৰ পিছতে দ্বিতীয় বৃহত্তম কৃষিজাত সামগ্ৰী হিচাপে তামোলৰ চাষ হৈ আহিছে।
এতিয়া এই তামোলৰ ৰপ্তানি বন্ধ হোৱাৰ ফলতে বিপদত পৰিছে হাজাৰ হাজাৰ পৰিয়াল। ইপিনে, যোৱা বছৰৰ ডিচেম্বৰ মাহতে ৰাজ্য চৰকাৰে স্থানীয় চুপাৰিৰ ব্যৱসায়ৰ বাবে SOP প্ৰস্তুত কৰাৰ কথা ঘোষণা কৰিলেও আজিলৈকে এই সন্দৰ্ভত চৰকাৰে গ্ৰহণ কৰা নাই কোনো পদক্ষেপ ।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|