বঙাইগাঁৱৰ কোভিড চেণ্টাৰত মানসিকভাৱে ভাগি পৰা আইতাৰ সৈতে নাৰ্ছৰ নৃত্য, চাওক Video

News18 Assam | News18-Assam
Updated:October 21, 2020, 5:57 PM IST
বঙাইগাঁৱৰ কোভিড চেণ্টাৰত মানসিকভাৱে ভাগি পৰা আইতাৰ সৈতে নাৰ্ছৰ নৃত্য, চাওক Video
পিপিই কিট পিন্ধিয়ে বিহু আৰু গোৱালপৰীয়া নৃত্য কৰি অকল চিকিৎসা সেৱাৰ পৰিচয় নিদি মানৱ সেৱাৰো এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে৷ 

পিপিই কিট পিন্ধিয়ে বিহু আৰু গোৱালপৰীয়া নৃত্য কৰি অকল চিকিৎসা সেৱাৰ পৰিচয় নিদি মানৱ সেৱাৰো এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে৷ 

  • Share this:
বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ কোভিড ৱাৰ্ডত কৰ্তব্যৰত নাৰ্ছসকলে নিজৰ দায়িত্ব পালন কৰাৰ লগতে ৰোগীৰ মানসিক অৱস্থাৰো যতন লৈ মহামাৰী কোৰোণা কালত মানৱ সেৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে ৷ শেহতীয়াভাৱে কৰোণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থাকি মানসিকভাৱে ভাগি পৰা এগৰাকী আইতাৰ লগত পিপিই কিট পিন্ধিয়ে বিহু আৰু গোৱালপৰীয়া নৃত্য কৰি অকল চিকিৎসা সেৱাৰ পৰিচয় নিদি মানৱ সেৱাৰো এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে৷

উল্লেখযোগ্য যে বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ কোভিড ৱাৰ্ডত দায়িত্বৰত জ্যেষ্ঠ নাৰ্ছ দিপ্তী সৰকাৰে বিগত ছমাহ ধৰি নিজৰ পৰিয়ালৰ পৰা আঁতৰত থাকি কোভিড-১৯ৰ দায়িত্ব পালন কৰি আছে৷ তেনেদৰে দায়িত্ব পালন কৰিছে গীতাশ্ৰী চেতিয়া, ছুইটী ৰাউত, মৃণাল দাস আদিয়ে৷

বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসক, নাৰ্ছ, ছাফাই কৰ্মীসকলৰ কৰ্তব্য আৰু সেৱাৰ মনোভাৱৰ বাবে তেওঁলোকক ছেল্যুট জনাইছে বঙাইগাঁও জিলাবাসীয়ে৷




এই সমস্ত কৃতিত্বৰ দাবীদাৰ অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰেৰণাত্মক চিন্তা–চৰ্চাৰে চিকিৎসাকৰ্মী-চাফাইকৰ্মী সকলক মানসিকভাৱে প্ৰস্তুত কৰি তোলাৰ প্ৰক্ৰিয়া৷
Published by: Sanjay Kumar Das
First published: October 21, 2020, 11:20 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading