পূজাৰ মাজতো নাৰী নিৰ্যাতনৰ ঘটনা। গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত এই চাঞ্চল্যকৰ ঘটনা। চিকিৎসালয়খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ আনে এগৰাকী নাৰ্ছে।
জানিব পৰা মতে, যোৱানিশা কৰ্তব্যৰত অৱস্থাতেই নাৰ্ছগৰাকীক কৰ্মস্থলীতেই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উঠে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সুৰেশ বড়িৰ বিৰুদ্ধে। উল্লেখ্য যে নিশা চিকিৎসালয়খনৰ আপাতকালীন কক্ষত নিয়োজিত আছিল নাৰ্ছসহ সুৰেশ বড়ি।
ভুক্তভোগী নাৰ্ছগৰাকীয়ে ঘটনাৰ বিষয়ে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষকক দাখিল কৰে লিখিত অভিযোগ ।অভিযোগৰ ভিত্তিতেই গোলাঘাট আৰক্ষীয়ে আটক কৰে লম্পট চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জনক। সম্প্ৰতি গোলাঘাট আৰক্ষী থানাৰ আলহী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজন।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।