চৌদিশে পানী, টুলুঙা নাৱেৰে হোম কোৱাৰেণ্টাইনত থকা লোকৰ খবৰ লৈছে নাৰ্ছ আৰু আশা কৰ্মীয়ে

News18 Assam | News18-Assam
Updated:June 30, 2020, 7:03 PM IST
চৌদিশে পানী, টুলুঙা নাৱেৰে হোম কোৱাৰেণ্টাইনত থকা লোকৰ খবৰ লৈছে নাৰ্ছ আৰু আশা কৰ্মীয়ে
হাজোৰ আধিয়াৰপাৰাত এখন টুলুঙা নাৱেৰে বিপজ্জনকৱাৱে হোম কোৱাৰেণ্টাইনত থকা এজন লোকৰ খবৰ ল’বলৈ যোৱা দেখা গ’ল এগৰাকী নাৰ্ছ আৰু এগৰাকী আশা কৰ্মীক।

হাজোৰ আধিয়াৰপাৰাত এখন টুলুঙা নাৱেৰে বিপজ্জনকৱাৱে হোম কোৱাৰেণ্টাইনত থকা এজন লোকৰ খবৰ ল’বলৈ যোৱা দেখা গ’ল এগৰাকী নাৰ্ছ আৰু এগৰাকী আশা কৰ্মীক।

  • Share this:
ৰাজ্যত কোৰোণা ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আক্ৰান্ত হৈছে বিভিন্নজন। আপোনাক–মোক সেৱা আগবঢ়াবলৈ আহৰ্নিষে যুদ্ধ কৰিছে কোভিড যোদ্ধাসকলে। ভয়াৱহ বানৰ মাজতো নিজৰ কৰ্তব্য সম্পাদন কৰি গৈছে নাৰ্ছ, স্বাস্থ্য কৰ্মীসকলে।

হাজোৰ আধিয়াৰপাৰাত এখন টুলুঙা নাৱেৰে বিপজ্জনকৱাৱে হোম কোৱাৰেণ্টাইনত থকা এজন লোকৰ খবৰ ল’বলৈ যোৱা দেখা গ’ল এগৰাকী নাৰ্ছ আৰু এগৰাকী আশা কৰ্মীক। হাজোৰ পুঠিমাৰী, পাগলদিয়া নৈৰ বাঢ়নী পানীয়ে বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে। জলমগ্ন হৈছে হাজো ৰাজহ চক্ৰৰ অৰ্ধ শতাধিক গাঁও।

এই বানৰ মাজতো হাজোৰ অধিয়াৰপাৰা অঞ্চললৈ নাৱেৰে বিপদশংকুল যাত্ৰা এই দুগৰাকী স্বাস্থ্য কৰ্মীৰ। কোভিড–১৯ বিৰোধী যুজঁখনত এনেকৈ নিজৰ জীৱনক তুচ্ছ কৰি সেৱা আগবঢ়োৱা দুই স্বাস্থ্য কৰ্মীৰ শলাগ লৈছে অঞ্চলবাসীয়ে।
First published: June 30, 2020, 7:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading