• Home
  • »
  • News
  • »
  • assam
  • »
  • ভাল খবৰ! মানস ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পালে ঢেকীয়াপতীয়া বাঘৰ সংখ্যা

ভাল খবৰ! মানস ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পালে ঢেকীয়াপতীয়া বাঘৰ সংখ্যা

ইয়াৰ পূৰ্বৰ কেমেৰা ট্ৰেপিঙৰ ফলাফল অনুসৰি মানসত ৪৮টা বাঘ থকাৰ তথ্য সদৰি কৰা হৈছিল৷

ইয়াৰ পূৰ্বৰ কেমেৰা ট্ৰেপিঙৰ ফলাফল অনুসৰি মানসত ৪৮টা বাঘ থকাৰ তথ্য সদৰি কৰা হৈছিল৷

ইয়াৰ পূৰ্বৰ কেমেৰা ট্ৰেপিঙৰ ফলাফল অনুসৰি মানসত ৪৮টা বাঘ থকাৰ তথ্য সদৰি কৰা হৈছিল৷

  • Share this:
মানস ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পত ৬০টালৈ বৃদ্ধি পাইছে ঢেঁকীয়াপতীয়া বাঘৰ সংখ্যা৷ ৰাষ্ট্ৰীয় উদ্যানখনত শেহতীয়া কেমেৰা ট্ৰেপিঙৰ ফলাফল মূল্যায়ন কৰি "নেশ্যনেল টাইগাৰ কনজাৰ্ভেশ্যন অথৰিটী"য়ে নিৰ্ধাৰণ কৰা অনুসৰি, সম্প্ৰতি মানসত ৫২টা প্ৰাপ্তবয়স্ক ঢেঁকীয়াপতীয়া বাঘ আৰু ৮টা পোৱালিকে ধৰি মুঠ ৬০টা ঢেঁকীয়াপতীয়া বাঘ আছে৷

উল্লেখ্যযোগ্য যে ইয়াৰ পূৰ্বৰ কেমেৰা ট্ৰেপিঙৰ ফলাফল অনুসৰি মানসত ৪৮টা বাঘ থকাৰ তথ্য সদৰি কৰা হৈছিল৷ এইবাৰ মানস ব্যাঘ্ৰ প্ৰকল্প কৰ্তৃপক্ষই মানসৰ সংৰক্ষণৰ সহযোগী সংস্থা ডব্লিউ ডব্লিউ এফ-ইণ্ডিয়া, ডব্লিউ টি আই আৰু আৰণ্যকৰ সহযোগত মানসৰ বিভিন্ন স্থানত মুঠ ৩৮১টা ট্ৰেপ কেমেৰা স্থাপন কৰিছিল৷ আনহাতে মানসত নিয়োজিত বিভিন্ন বনৰক্ষী, বন বিষয়াসকলৰ সহযোগত প্ৰথমবাৰৰ বাবে "এণ্ড্ৰইড বেছ্ড ডিজিটেল প্লেটফৰ্ম" ব্যৱহাৰ কৰি মানস ৰাষ্ট্ৰীয় উদ্যানত থকা আন কেতবোৰ প্ৰধান বন্যপ্ৰাণীৰ সংখ্যাও নিৰ্ধাৰণ কৰিছে৷

উক্ত তথ্যসমূহ মানসৰ ক্ষেত্ৰ সঞ্চালকালয়ত বিশ্লেষণ কৰাৰ পাছত সেয়া ডেৰাডুনস্থিত ৱাইল্ড লাইফ ইনষ্টিটিউট অৱ ইণ্ডিয়াত নেশ্যনেল টাইগাৰ কনজাৰ্ভেশ্যন অথৰিটীয়ে বৈধতা প্ৰদান কৰে৷ ২০১০ চনত মানসত বাঘৰ সংখ্যা আছিল ১০টা আৰু এই সংখ্যা ২০২০ চনত ৩৬টা আৰু ২০২১ চনত ৪৮টালৈ বৃদ্ধি হয়৷

আনহাতে, পৰৱৰ্তী গণনাত বাঘৰ সংখ্যা ৬০টাৰ আশে-পাশে পোৱাৰ সম্ভাৱনাও ব্যক্ত কৰিছে বাঁহবাৰীৰ বন বিষয়া বাবুল ব্ৰহ্মই৷ আনহাতে, মানসত ৩২৩০টা সুগৰি পহু (Hog Deer), ১৬৫৬টা বনৰীয়া ম’হ, ১১৭৪টা ইণ্ডিয়ান বাইছন, ৮০৪টা শৰ পহু (Sambar Deer) আৰু ২৬১৩টা হাতী আছে৷ এই তথ্য প্ৰস্তুত কৰাৰ বাবে মুঠ চাৰিশ কিঃমিঃ ক্ষেত্ৰক সামৰি লোৱা হৈছিল৷
Published by:Sanjay Kumar Das
First published: