• Home
  • »
  • News
  • »
  • assam
  • »
  • আকৌ হ'ব নেকি লকডাউন? দুৰ্গাপূজাৰ পিছতে বাঢ়িছে কোভিড আক্ৰান্তৰ সংখ্যা, মুখ্যমন্ত্ৰীৰ জৰুৰী বৈঠক

আকৌ হ'ব নেকি লকডাউন? দুৰ্গাপূজাৰ পিছতে বাঢ়িছে কোভিড আক্ৰান্তৰ সংখ্যা, মুখ্যমন্ত্ৰীৰ জৰুৰী বৈঠক

প্ৰতীকী ফটো

প্ৰতীকী ফটো

উল্লেখ্য সপ্তমী, অষ্টমীত অসমত কোভিডৰ আক্ৰান্তৰ হাৰ প্ৰায় দুগুণ বৃদ্ধি পাইছে।

  • Share this:

দুৰ্গাপূজাৰ পিছত ৰাজ্যত বাঢ়িছে কোভিডত আক্ৰান্তৰ সংখ্যা। ইয়াকে লৈ ৰাজ্য চৰকাৰে কালি গুৰুত্বপূৰ্ণ আলোচনাত ভাগ লয়। এই সন্দৰ্ভত আজি কেশৱ মহন্তই উল্লেখ কৰে যে দুৰ্গাপূজাৰ পিছৰ কোভিড পৰিস্থিতিৰ ওপৰত আৰু আলোচনা কৰা হ'ব আৰু ৭ দিনৰ ভিতৰত চৰকাৰে এই বিষয়ে সিদ্ধান্ত ল'ব।


এই আলোচনাৰ ভিত্তিতে কোভিডক লৈ ৰাজ্য চৰকাৰে পুনৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। গতিকে অসমত পুনৰ লকডাউন নিদিলেও হ্ৰাস পাব পাৰে সান্ধ্য আইনৰ সময়সীমা। কোভিড সংক্ৰমণৰ হাৰ নকমি বাঢ়ি থাকিলে চৰকাৰে অহা ৭ দিনৰ ভিতৰত কঠোৰ সিদ্ধান্ত ল'ব। উল্লেখ্য সপ্তমী, অষ্টমীত অসমত কোভিডৰ আক্ৰান্তৰ হাৰ প্ৰায় দুগুণ বৃদ্ধি পাইছিল।



উল্লেখ্য, ৰাজ্যত আজি ৩৫৩গৰাকী লোক কোভিডত আক্ৰান্ত হোৱাৰ লগতে কামৰূপ মেট্ৰ'ত ১৫২গৰাকী আক্ৰান্ত হৈছে। কিন্তু এই সংখ্যা পূজাৰ আগলৈ ক্ৰমে কমি আহিছিল।

Published by:Gautam Barman
First published: