মুখ্যপৃষ্ঠা »খবৰ »অসম »নুমলীগড়ত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ, বগীধলা চাহ বাগিছাত হাতীৰ আক্ৰমণত এগৰাকী বৃদ্ধাৰ মৃত্যু...

নুমলীগড়ত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ, বগীধলা চাহ বাগিছাত হাতীৰ আক্ৰমণত এগৰাকী বৃদ্ধাৰ মৃত্যু...

নুমলীগড়ত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস। বগীধলা চাহ বাগিছাত বন্যহস্তীৰ আক্ৰমনত এগৰাকী মহিলাৰ মৃত্যু।

নুমলীগড়ত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস। বগীধলা চাহ বাগিছাত বন্যহস্তীৰ আক্ৰমনত এগৰাকী মহিলাৰ মৃত্যু।

নুমলীগড়ত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস। বগীধলা চাহ বাগিছাত বন্যহস্তীৰ আক্ৰমনত এগৰাকী মহিলাৰ মৃত্যু।

  • Share this:
দিপাৱলীৰ আনন্দ উল্লাসৰ মাজতে নুমলীগড়ৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত বগীধলা চাহ বাগিছাত বন্যহস্তীৰ আক্ৰমণত হেলেনা তিৰ্কী নামৰ এগৰাকী বৃদ্ধাৰ মৃত্যু। বন্যহস্তীৰ এটা বৃহৎ জাকে বাগিছাখনত বিচৰণ কৰি থকা অৱস্থাত জাকৰ পৰা ফালৰি কাটি ওলাই অহা এটা বন্যহস্তীয়ে বাগিছা খনত উপদ্ৰৱ চলাই এটা বাসগৃহ ধ্বংস কৰাৰ লগতে বাসগৃহটোৰ ভিতৰত আৱদ্ধ হৈ থকা বৃদ্ধা গৰাকীক আক্ৰমণ কৰাৰ ফলত তেওঁৰ থিতাতে মৃত্য়ু হয়।

উল্লেখ্য যে দুটা মাহৰ পূৰ্বে উক্ত বাগানখনত হাতীৰ আক্ৰমণত মাতৃ-পুত্ৰৰ মৃত্যু হৈছিল। ঘটনাস্থলীত নুমলীগড় আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰিছে।নুমলীগড়ৰ ভিন্ন প্ৰান্তত প্ৰত্যেক দিনাই অব্যাহত আছে বন্যহস্তী আৰু মানুহৰ ভয়াৱহ সংঘাত । ইফালে হাতীৰ জাকটোৱে অঞ্চলটোৰ কৃষকৰ শালি ধানৰ খেতি পথাৰ খাই গচকী তহিলং কৰি আহিছে দীৰ্ঘদিনে । বাৰম্বাৰ বন বিভাগ তথা চৰকাৰ প্ৰশাসনক এই সংঘাতৰ কথা জনাই অহাৰ পিছতো কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ সংঘাত ৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰ তথা বন বিভাগে ।

শেহতীয়া বাতৰি