মুখ্যপৃষ্ঠা » খবৰ

» অসম

»নুমলীগড়ত এখন আদিম মানৱৰ গাওঁ! টঙি ঘৰৰ ওপৰতে দুৰ্বিসহ জীৱন শতাধিক পৰিয়ালৰ

নুমলীগড়ত এখন আদিম মানৱৰ গাওঁ! টঙি ঘৰৰ ওপৰতে দুৰ্বিসহ জীৱন শতাধিক পৰিয়ালৰ

News18 Assam | News18-Assam
Updated:June 13, 2020, 6:21 PM IST
নুমলীগড়ত এখন আদিম মানৱৰ গাওঁ! টঙি ঘৰৰ ওপৰতে দুৰ্বিসহ জীৱন শতাধিক পৰিয়ালৰ
নুমলীগড়ৰ পৰা মাত্ৰ ৬ কিঃমিঃ নিলগৰ বৰমহৰি পথাৰ গাঁওৰ ঘটনা।

নুমলীগড়ৰ পৰা মাত্ৰ ৬ কিঃমিঃ নিলগৰ বৰমহৰি পথাৰ গাঁওৰ ঘটনা।

  • Share this:
নুমলীগড়ত এখন আদিম মানৱৰ গাওঁ! আধুনিকতাৰ পৰা বহু নিলগত । টঙি ঘৰৰ ওপৰতে দুৰ্বিসহ জীৱন নিৰ্বাহ গাঁৱখনৰ শতাধিক পৰিয়ালৰ । আধুনিকতাৰ পৰা বহু নিলগত এখন গাঁও । আজিও আদিম মানুহৰ দৰে গাঁও খনৰ শতাধিক পৰিয়ালে বাস কৰে টঙি ঘৰৰ ওপৰত । কাৰণ সন্ধিয়া হ’লেই গাঁওখনলৈ নামি আহে বন্যহস্তীৰ জাক। বন্যহস্তীৰ উপদ্ৰৱৰ বাবে সাজিব নোৱাৰে ঘৰ । দিনটো তলত থকা টিঙৰ চালিতে ৰন্ধা-বঢ়াৰ কাম  সম্পুৰ্ন কৰি সন্ধিয়া হোৱাৰ লগে লগে কণ-কণ শিশুক বুকুত বান্ধি উঠে টঙি ঘৰৰ ওপৰত। 

নুমলীগড়ৰ পৰা মাত্ৰ ৬ কিঃমিঃ নিলগৰ বৰমহৰি পথাৰ গাঁওৰ ।গাঁৱখনৰ প্ৰত্যেকটো পৰিয়ালয়েই বাস কৰে আদিম মানৱৰ দৰে । সকলোৱেই সাজি লৈছে ওখ ওখ গছ নাইবা বাহঁ-কাঠৰ খুঁটা লগাই একো একোটাকৈ টঙি ঘৰ । বছৰ বছৰ ধৰি এনেদৰেই জীৱন যাপন কৰি আহিছে গাঁওবাসী সকলে। যি সময়ত মানুহে বিজ্ঞান প্ৰযুক্তিত আগবাঢ়ি গৈ  মংগল গ্ৰহত বাস কৰাৰ কথা চিন্তা কৰিছে ঠিক তাৰ বিপৰীতে নুমলীগড়ৰ এই গাঁও খনৰ লোক সকলৰ জীৱন ধাৰণৰ মানে সকলোকে এবাৰলৈ হলেও ভবাই তোলা নাইনে?

ইফালে গাঁও খনত নাই বিজুলি সংযোগ, নাই এটুপি বিশুদ্ধ খোৱা পানী, নাই অনাময় আচনি এতিয়াও খোৱা পানীৰ বাবে ব্যৱহাৰ কৰে পুখৰী, পাহাৰৰ পৰা বৈ অহা নিজৰাৰ পানী ।বৰ্তমানেও লেম্প-চাকিৰ পোহৰেই জিলিকাইছে জীৱন, এই দৰিদ্ৰ খাটি খোৱা লোক সকলে । কেতিয়াবা কোনোবা চৰকাৰৰ চকু পৰিব্নে এইখন অসমৰ এই সকল লোকৰ দুখ দুৰ্দশাৰ কথা ।
First published: June 13, 2020, 6:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি