ধনশিৰী নদীৰ ওপৰত থকা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নুমলীগড়ৰ শংকৰ বৰুৱা দলঙত ওলাইছে বৃহৎ বৃহৎ ফাঁট।
ধনশিৰী নদীৰ ওপৰত থকা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নুমলীগড়ৰ শংকৰ বৰুৱা দলঙত ওলাইছে বৃহৎ বৃহৎ ফাঁট।
মাজুলী-নিমাতী ঘাট সংযোগী দলঙৰ প্ৰসংগই সৰ্বত্ৰ চৰ্চা লাভ কৰিছে ৷ সেই সময়তে বোকাখাত মহকুমাৰ নুমলীগড়ৰ ধনশিৰী নদীৰ ওপৰত থকা শংকৰ বৰুৱা দলঙকলৈও আহি পৰিছে আন এক আশংকা। ধনশিৰী নদীৰ ওপৰত থকা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নুমলীগড়ৰ শংকৰ বৰুৱা দলঙত ওলাইছে বৃহৎ বৃহৎ ফাঁট। গাড়ী পাৰ হোৱাৰ লগে লগেই গাঁতত পৰি গাড়ী বিকল হোৱাটো বৰ্তমান সাধাৰণ ঘটনাত পৰিণত হৈছে ৷
শংকৰ বৰুৱা দলঙৰ ওপৰেদি সৰু-বৰ যান বাহন পাৰ হোৱাৰ লগে লগে বুঢ়া গৰুৰ দাঁত লৰাৰ দৰে লৰে দলংখন ৷ গাড়ী চলন্ত অৱস্থাত এই কঁপনি ধৰিব নোৱাৰি যদিও গাড়ী দলঙৰ ওপৰত ৰখাই দিলে বা খোজ কাঢ়ি গ'লে অনুভৱ হয় অস্বাভাৱিক কঁপনিৰ ৷
১৯৫৬ চনত নিৰ্মাণ কৰা নুমলীগড় দলঙৰ আয়ুস ইতিমধ্যে শেষ হৈ পৰিছে । প্ৰায় ৬৫ বছৰ অতিক্ৰম কৰা দলং খনৰ দুৰৱস্থাৰ বাবে যিকোনো সময়ত সংঘটিত হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা । এই দলঙৰ ওপৰেৰেই উজনি-নামনিৰ বহু গাড়ীয়ে প্ৰতি দিনেই অহা-যোৱা কৰি আহিছে ৷ ট্ৰাক সমূহে কঢ়িয়াই নিছে হাজাৰ হাজাৰ টনৰ সামগ্ৰী ৷
স্থানীয় আছু, আটছা আদি সংগঠনসমূহে নুমলীগড় দলঙৰ মেৰামতি কাম কৰিবলৈ চৰকাৰক দাবী জনাইছে। ইফালে, ফ'ৰলেণ্ড নির্মাণকাৰী সংস্থাই অতি লেহেমীয়া গতিৰে নিৰ্মাণ কৰা আনখন দলঙৰ কামো শীঘ্ৰে সম্পূৰ্ণ কৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় সংগঠন সমূহে। পুৰণা দলংখনৰ সমীপত ফৰলেণ্ড নিৰ্মাণকাৰী প্ৰতিষ্ঠানে আন এখন দলঙৰ খুটা পোতাৰ পিছতেই দলংখনত যান বাহন উঠিলেই কঁপনি উঠা বৃদ্ধি পাইছে ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|