News18 AssamNews18 Assam
|
News18-Assam Updated:November 9, 2020, 1:04 PM IST
নুমলীগড় আৰক্ষীয়ে প্ৰৱঞ্চকটোক জিম্মাত লৈ অব্যাহত ৰাখিছে তদন্ত।
নুমলীগড় আৰক্ষীয়ে প্ৰৱঞ্চকটোক জিম্মাত লৈ অব্যাহত ৰাখিছে তদন্ত।
নুমলীগড় আৰক্ষীৰ জালত দুৰ্ধৰ্ষ আন্তঃৰাষ্ট্ৰীয় অনলাইন হেকাৰ। হাৰিয়ানাৰ পৰা আটক কৰি আনে প্ৰৱঞ্চকটোক। নুমলীগড় আৰক্ষীয়ে হাৰিয়ানাৰ অপৰাধ অনুসন্ধান সংস্থাৰ সহযোগত হাৰিয়ানাৰ নোহো জিলাৰ পৰা আটক কৰে প্ৰৱঞ্চকটোক। ২.৫ লাখ টকা অনলাইনযোগে লুটিছিল প্ৰৱঞ্চকটোৱে। দীর্ঘদিনে প্ৰৱঞ্চকৰ দলটোৱে সমগ্ৰ দেশত বিভিন্নজনৰ পৰা লুটি আহিছিল বৃহৎ পৰিমাণৰ ধন। ইফালে, প্ৰৱঞ্চকটোৰ লগতে আৰু বহু কেইজন জড়িত থকাৰ সন্দেহ কৰা হৈছে। বৰ্তমান নুমলীগড় আৰক্ষীয়ে প্ৰৱঞ্চকটোক জিম্মাত লৈ অব্যাহত ৰাখিছে তদন্ত।
Published by:
Sanjay Kumar Das
First published:
November 9, 2020, 1:04 PM IST