உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • নুমলীগড়ত আৰক্ষীৰ জালত তিনি নৰাধম, অজিত তামুলী নামৰ এজন লোকক হত্যা কৰি টুকুৰা–টুকুৰকৈ কাটি উটুৱাই দিছিল দৈগ্ৰোং নদীত

    নুমলীগড়ত আৰক্ষীৰ জালত তিনি নৰাধম, অজিত তামুলী নামৰ এজন লোকক হত্যা কৰি টুকুৰা–টুকুৰকৈ কাটি উটুৱাই দিছিল দৈগ্ৰোং নদীত

    ঙলবাৰে বিয়লি অজিত তামুলী তেওঁৰ নিজৰ ভাগিন মিনেশ্বৰ বৰা আৰু জ্যোতি দাস ওৰফে মইনা দাসৰ সৈতে সুৰা আৰু মাংসৰ পাৰ্টী কৰিবলৈ ওলাই গৈছিল ঘৰৰ পৰা।

    ঙলবাৰে বিয়লি অজিত তামুলী তেওঁৰ নিজৰ ভাগিন মিনেশ্বৰ বৰা আৰু জ্যোতি দাস ওৰফে মইনা দাসৰ সৈতে সুৰা আৰু মাংসৰ পাৰ্টী কৰিবলৈ ওলাই গৈছিল ঘৰৰ পৰা।

    ঙলবাৰে বিয়লি অজিত তামুলী তেওঁৰ নিজৰ ভাগিন মিনেশ্বৰ বৰা আৰু জ্যোতি দাস ওৰফে মইনা দাসৰ সৈতে সুৰা আৰু মাংসৰ পাৰ্টী কৰিবলৈ ওলাই গৈছিল ঘৰৰ পৰা।

    • Share this:
    নুমলীগড়ৰ জঘন্য হত্যাকাণ্ডত জড়িত তিনিজন আৰক্ষীৰ জালত। নিজ মোমায়েকক টুকুৰা–টুকুৰকৈ কাটি উটুৱাই দিছিল দৈগ্ৰোঙ নদীত। বৰ্তমানেও পলাতক মূল অভিযুক্ত।

    মঙলবাৰে সংঘটিত হৈছিল এই লোমহৰ্ষক নৃশংস হত্যাকাণ্ডৰ ঘটনা। নিজ ভাগিনীয়েক আৰু বন্ধুৱে মিলি পৰিকল্পিতভাৱে এজন লোকক হত্যা কৰি টুকুৰা–টুকুৰকৈ কাটি নদীত পেলাই দিছিল। এই ঘটনা সংঘটিত হৈছিল গোলাঘাট জিলাৰ নুমলীগড়ৰ কাষৰীয়া লেতেকুবস্তিত।

    জানিব পৰা মতে, মঙলবাৰে বিয়লি অজিত তামুলী তেওঁৰ নিজৰ ভাগিন মিনেশ্বৰ বৰা আৰু জ্যোতি দাস ওৰফে মইনা দাসৰ সৈতে সুৰা আৰু মাংসৰ পাৰ্টী কৰিবলৈ ওলাই গৈছিল ঘৰৰ পৰা। মঙলবাৰে পাৰ্টী কৰিবলৈ যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছিল মৃত অজিত তামুলী। বহু বিচাৰ–খোচাৰ কৰিও পোৱা নাছিল অজিত তামুলীক।

    বৃহস্পতিবাৰে দৈগ্ৰোঙ নদীত বালি–শিল সংগ্ৰহ কৰিবলৈ যোৱা লোকে এটা মাংস টুকুৰা পানীত ওপঙি থকা দেখা পাই আৰক্ষীক খবৰ দিয়ে। উক্ত ঘটনাৰ পিছৰে পৰা পলাতক হত্যাকাৰীৰ অনুসন্ধানত নামি পৰিছিল আৰক্ষী। অৱশেষত আজি বগীজান আৰক্ষীয়ে হত্যাকাণ্ডত জড়িত তিনিটা নৰপিশাচক  আটক কৰিবলৈ সক্ষম হয়। উদ্ধাৰ কৰিবলৈ সক্ষম হয় হত্যাকাণ্ডত ব্যৱহাৰ কৰা এখন দা। নৰপিশাচ কেইটাৰ নাম প্ৰাঞ্জল তামুলী(মুনুকণ), মনেশ্বৰ বড়ো (কান্দুৰা), জ্যোতি দাস (মাইনা। বৰ্তমানেও আৰক্ষীয়ে ঘটনাৰ মূল অভিযুক্ত  মিনেশ্বৰ বৰাক আটক কৰিবলৈ সক্ষম হোৱা নাই।
    Published by:Sanjay Kumar Das
    First published: