• Home
  • »
  • News
  • »
  • assam
  • »
  • সৰ্প দংশনত অকাল বিয়োগ নুমলীগড়ৰ যুৱ সাংবাদিক অসীম জ্যোতি বৰাৰ

সৰ্প দংশনত অকাল বিয়োগ নুমলীগড়ৰ যুৱ সাংবাদিক অসীম জ্যোতি বৰাৰ

মৃত্যুৰ সময়ত বৰাৰ বয়স আছিল ৩২ বছৰ৷ পত্নী আৰু এবছৰীয়া একমাত্ৰ কন্যাক ইহ সংসাৰত এৰি যায় সাংবাদিকগৰাকীয়ে৷ তেওঁৰ মৃত্যুত সমগ্ৰ নুমলীগড়ত শোকৰ ছাঁ পৰিছে।

  • Share this:
নুমলীগড়ৰ যুৱ সাংবাদিক অসীম জ্যোতি বৰাৰ অকাল বিয়োগ৷ সৰ্প দংশনৰ ফলত কৰুণ মৃত্যুক আঁকোৱালি ল’লে সাংবাদিক অসীম জ্যোতি বৰাই।  দৈনিক জনমভূমি কাকতৰ তেলগৰমৰ সংবাদদাতা আছিল সমাজপ্রিয় যুৱ সাংবাদিক অসীম বৰা। ৩০ জুলাইৰ পুৱা ঘৰৰ চৌহদত বিষাক্ত সৰ্পই দংশন কৰাৰ পিছত দুদিন বিবেকানন্দ কেন্দ্ৰ এন আৰ এল চিকিৎসালয়ত আৰু ১ আগষ্টৰ পৰা গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল অসীম। বুধবাৰে অৰ্থাৎ ৩ আগষ্টৰ বিয়লি ৩ বজাত অকাল মৃত্যুক সাবটি লয় অসীমে৷

মৃত্যুৰ সময়ত বৰাৰ বয়স আছিল ৩২ বছৰ৷ পত্নী আৰু এবছৰীয়া একমাত্ৰ কন্যাক ইহ সংসাৰত এৰি যায় সাংবাদিকগৰাকীয়ে৷ তেওঁৰ মৃত্যুত সমগ্ৰ নুমলীগড়ত শোকৰ ছাঁ পৰিছে। সাংবাদিকজনৰ এই অকাল বিয়োগ সমগ্ৰ নুমলীগড় তথা গোলাঘাট জিলাৰ সংবাদ জগতখনৰ বাবে ডাঙৰ ক্ষতি বুলি মন্তব্য কৰিছে বিভিন্ন মহলে।
Published by:Sanjay Kumar Das
First published: