সমগ্ৰ দেশত ক্ৰমাত্ বৃদ্ধি পাইছে নাৰীজনিত অপৰাধ। শেহতীয়াকৈ বহু কেইটা ধৰ্ষণৰ ঘটনাই কঁপাই তুলিছে সমগ্ৰ দেশ। অসমতো বাঢ়িছে নাৰীজনিত অপৰাধৰ ঘটনা। তাৰ মাজতে নুমলীগড়ত সংঘটিত হোৱা ঘটনাই এতিয়া সৰ্বত্ৰ চৰ্চা লাভ কৰিছে। মহিলাক অশালীন ব্যৱহাৰ কৰিবলৈ গৈ দশা বেয়া হ’ল এজন লোকৰ।
ৰাস্তাৰ মাজতে আঁঠু কঢ়াই, চেন্দেলৰ মালা পিন্ধাই লপা থপা দিয়ে লম্পটটোক। আনকি কাটি দিয়ে চুলি। ঘটনাটো সংঘটিত হৈছিল নুমলীগড়ৰ কেন্দুগুৰি অঞ্চলত। শনিবাৰে নিশা বাবাই নামৰ এজন বিবাহিত পুৰুষে নিশাৰ আন্ধাৰৰ সুযোগ লৈ এগৰাকী মহিলাৰ ঘৰত প্ৰৱেশ কৰি শ্লীলতাহানিৰ চেষ্টা কৰিছিল। লগে লগে সাহসী মহিলাগৰাকীয়ে বাবাইক ধৰি প্ৰহাৰ কৰে।
দেওবাৰে পুৱা গাঁৱৰ মহিলা ওলাই গৈ বাবাইক চেন্দেলৰ মালা পিন্ধাই, চুলি কাটি ৰাজহুৱা শাস্তি প্ৰদান কৰি ভৱিষ্যতে এনে কাম নকৰিবলৈ সকীয়াই দিয়ে। পিছত নুমলীগড় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ধুৰন্ধৰ বাবাইক থানালৈ লৈ যায় । পূৰ্বতেও লোকজনে আন মহিলাৰ ঘৰত নিশা প্ৰৱেশ কৰাৰ অভিযোগ উঠিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|