• Home
  • »
  • News
  • »
  • assam
  • »
  • পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱতীৰ ! নুমলীগড়ৰ যুৱতীগৰাকীক হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ ...

পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱতীৰ ! নুমলীগড়ৰ যুৱতীগৰাকীক হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ ...

ভানু দাস নামৰ যুৱতীগৰাকী চেন্নাইৰ cengalpattu medical College hospital ত মৃত্যু হোৱা বুলি খবৰ পাই মৰ্মাহত হৈ পৰিছে পৰিয়ালটো। যুৱতীগৰাকীক হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে।

  • Share this:
পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱতীৰ। নুমলীগড়ৰ যুৱতীগৰাকীক হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। বগীজান থানাত গোচৰ দিবলৈ গৈছিল যদিও গোচৰ নল'লে বগীজান  আৰক্ষীয়ে।

পুনৰ বহিঃৰাজ্যত মৃত্যু হৈছে অসমৰ এগৰাকী যুৱতীৰ।নুুমলীগড়ৰ মৰঙী মৌজাৰ মুৰফুলনীৰ কৰ্দৈগুৰিৰ যুৱতীগৰাকী আঠ মাহ পূৰ্বে সন্ধানহীন হৈছিল। সন্ধানহীন হোৱাৰ পাছতে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে বগীজান থানাৰ সন্ধানহীন হোৱা বুলি এজাহাৰ দিছিল। কিন্তু কোনো ধৰনৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে। যাৰ বাবে এতিয়া ভানু দাস নামৰ যুৱতীগৰাকী চেন্নাইৰ cengalpattu medical College hospital ত মৃত্যু হোৱা বুলি খবৰ পাই মৰ্মাহত হৈ পৰিছে পৰিয়ালটো। যুৱতীগৰাকীক হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। বগীজান থানাত গোচৰ দিবলৈ গৈছিল যদিও গোচৰ নললে বগীজান আৰক্ষীয়ে। আৰক্ষীৰ মতে  যিহেতু  চেন্নাইত  মৃত্যু হৈছে সেই বাবে চেন্নাইতে গোচৰ ৰুজু কৰিব লাগিব পৰিয়ালৰ লোকে । আনফালে পৰিয়ালৰ লোকে জানিবলৈ দিছে যে যুৱতীগৰাকীক সাগৰ লামা আৰু নানো নামৰ মহিলাই লৈ গৈছিল। তেওঁলোক দুজনে হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। এতিয়া যাক  লৈ অসহায় হৈ পৰিছে দুৰ্ভগীয়া পৰিয়ালটো ।
Published by:Kokil Sarma
First published: