অভি-নীল হত্যাকাণ্ডৰ আজি তিনি বছৰ সম্পূৰ্ণ হ'ল । কিন্তু আজিও অভি-নীলৰ হত্যাকাৰীয়ে শাস্তি নাপালে। একাংশ দানৱ সদৃশ লোকৰ নৃশংতাৰ বলি হোৱা অভি-নীলক সুঁৱৰি নুমলীগড়ৰ এগৰাকী কিশোৰীয়ে ৰচিলে এটি গীত আৰু নিজেই কৰিলে কণ্ঠ দান।
এটি স্বৰচিত দৃশ্য -শ্ৰব্য গীতেৰে তৃতীয় বাৰ্ষিকীৰ মৃত্যু দিৱসত অভি-নীলক সুৱঁৰিছে নুমলীগড়ৰ এগৰাকী উদীয়মান কণ্ঠ শিল্পী অনুষ্কা মহন্তই। আজিৰ দিনটোতে গুৱাহাটীৰ পৰা কাৰ্বি পাহাৰৰ সেউজীয়া নৈ-সৰ্গিক প্ৰকৃতিৰ পৰিবেশত ঘূৰি ফুৰোতে এচাম অন্ধবিশ্বাসী অমানুহে সোপাধৰা বুলি সন্দেহ কৰি বৰ্বৰ ভাৱে হত্যা কৰিছিল গুৱাহাটীৰ অভিজিত নাথ আৰু নিলোৎপল দাস নামৰ প্ৰতিভাৱান দুই তৰুণ।
অভি-নীলৰ স্মৃতিত একতা আৰু ভাতৃত্ববোধৰ বাৰ্তা বিলাই শিল্পীগৰাকীয়ে গীতেৰেই জনালে শ্ৰদ্ধাঞ্জলি।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|