নুমলীগড়ত পুৱতি নিশা ভয়াৱহ অগ্নিকাণ্ড। জুইত সম্পূৰ্ণৰূপে জাহ গ'ল এটা বাসগৃহ। দুৰ্বৃত্তই জ্বলাই দিয়াৰ সন্দেহ পৰিয়ালৰ ।

নুমলীগড়ৰ মৰঙি মৌজাৰ গিদিবস্তি অঞ্চলত নিশা এই অগ্নিকাণ্ডৰ ঘটনা । জুইত ভস্মীভূত হ'ল পবিত্ৰ কুমাৰ নামৰ লোকজনৰ বাসগৃহ । ঘৰৰ সকলো বস্তু, আচবাব নিমিষতে পুৰি ছাই হৈ যায়। পৰিয়াল তথা গৃহস্থৰ অভিযোগ এয়া কোনো দুষ্ট লোকৰ ষড়যন্ত্ৰ । কোনো দুষ্ট লোকে তেওঁলোকৰ ঘৰটো জ্বলাই দিছে বুলি অভিযোগ আনিছে পৰিয়াল লোকে । ইফালে নিশা সমগ্ৰ অঞ্চলটোত হাতীৰ এটা জাকে উপদ্ৰৱ চলাই আছিল। যাৰ বাবে হাতীৰ ভয়ত নিশা তেওলোকে কাষৰ এটা পৰিয়ালৰ ঘৰত আশ্ৰয় লৈ থকা সময়তে হঠাৎ নিজৰ ঘৰটি জ্বলা প্ৰত্যক্ষ কৰে । জুই নুমুৱাৰ কোনো ব্যৱস্থা নথকাত সম্পূৰ্ণ ৰূপে ঘৰৰ ভিতৰৰ আচবাব জ্বলি ছাই হৈ যোৱাত এতিয়া অসহায় হৈ পৰিছে পৰিয়ালটো । সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া এক চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত ।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|