অব কী বাৰ হানড্ৰেড পাৰ, বিৰোধীৰ হাহাকাৰ: নোমল মমিন

News18 Assam | News18-Assam
Updated:February 20, 2020, 12:41 PM IST
অব কী বাৰ হানড্ৰেড পাৰ, বিৰোধীৰ হাহাকাৰ: নোমল মমিন
কংগ্ৰেছে ২০২১ত পাব ১০খনতকৈ কম আসন।

কংগ্ৰেছে ২০২১ত পাব ১০খনতকৈ কম আসন।

  • News18 Assam
  • Last Updated: February 20, 2020, 12:41 PM IST
  • Share this:
২০২১ৰ নিৰ্বাচনৰ বাবে সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল ৷ ২১ৰ নিৰ্বাচনৰ লক্ষ্যৰে অসম গণ পৰিষদে গুৰুত্ব দিছে IT CELLক ৷ নিৰ্বাচনৰ লক্ষ্যৰে বিজেপি সভাপতি ৰণজিৎ দাসে বাহৰ পাতিছে উজনি অসমত ৷ বিজেপি নেতাৰ মুখে মুখে এতিয়া 'অব কী বাৰ হানড্ৰেড পাৰ' শ্লোগান ৷ লক্ষ্য ২০২১ ৷ 'অৱ কী বাৰ হানড্ৰেড পাৰ বিৰোধীৰ হাহাকাৰ' এই শ্লোগান বিজেপিৰ ৷ বিজেপি নেতাৰ মুখে মুখে এতিয়া এইটোৱেই শ্লোগান ৷ মিছন হাণড্ৰেডৰ লক্ষ্যৰে ইতিমধ্যে উজনী অসমত বাহৰ পাতিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসে ৷ তিতাবৰ,মৰিয়নী,নাজিৰাত শক্তি প্ৰদৰ্শন কৰিছে বিজেপিয়ে ৷ প্ৰথমে তিতাবৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সমষ্টিত শক্তি প্ৰদৰ্শনৰ পিছতে ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিত শক্তি প্ৰদৰ্শন কৰা দেখা গ'ল ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসক ৷ সোমবাৰে এই দুই অবিজেপি সমষ্টিত সভা কৰাৰ লগতে মঙলবাৰে সভাপতি ৰণজিৎ দাসে সভা কৰিলে নাজিৰা আৰু শিৱসাগৰত ৷ অকল বিজেপি বিধায়ক নথকা সমষ্টিতে নহয় ৰণজিত দাসে সভা কৰিব CAA আন্দোলনৰ প্ৰকোপ বেছি থকা চাবুৱাৰ দৰে সমষ্টিতো ৷ ইফালে পূৰ্বতকৈ অধিক আত্মবিশ্বাসী হৈ পৰা বিজেপি বিধায়ক ডা৹ নোমল মমিনৰ দাবী, বিজেপি মিত্ৰজোঁটে পাব ১০০তকৈ অধিক আসন ৷ অব কী বাৰ হানড্ৰেড পাৰ, বিৰোধীৰ হাহাকাৰ বুলি কৈ নোমল মমিনে ক'লে কংগ্ৰেছে পাব দহ খনৰ তলত আসন ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক কটাক্ষ কৰি ডা৹ নোমল মমিনৰ গগৈক আহ্বান বোকাজান সমষ্টি পৰিদৰ্শনৰ ৷ বোকাজানত হোৱা উন্নয়ন নিজ চকুৰে প্ৰত্যক্ষ কৰি হিচাপ কৰি ভাগৰিব বুলি তৰুণ গগৈক প্ৰত্যাহ্বান নোমল মমিনৰ ৷ "আমি কি কৰা নাই ৷ চাহ বাগিচালৈ যাওক আৰু চাই আহক ৷ বাগিচাৰ ভিতৰৰ পথ কিমান ভাল হৈছে গম পাব ৷ বাগিচাৰ যি উন্নয়ন হৈছে সেয়া স্বাধীনতাৰ সত্তৰ বছৰৰ পিছত একমাত্ৰ আমাৰ চৰকাৰে কৰিছে"— নোমল মমিন
ইফালে বিজেপিয়ে মিত্ৰদলে পাবলগীয়া মৰ্যাদা আগৰ পৰাই দি আহিছে আৰু দি থাকিব বুলি কৈ নোমল মমিনে ক'লে,  "মিত্ৰতাৰ সকলো ধৰ্ম বিজেপিয়ে পালন কৰিছে ৷ মিত্ৰদলক আমি কেতিয়াও কৰা নাই প্ৰতাৰণা ৷ অৱশ্যেই মহাৰাষ্ট্ৰত আমি প্ৰতাৰিত হৈছো ৷"
আৰু চাওক
পৰৱৰ্তী বাতৰি