• Home
  • »
  • News
  • »
  • assam
  • »
  • NAGAON : ড্ৰাগছ নিয়ন্ত্ৰণৰ দাবীত নগাঁৱৰ ৰাজপথত NSUIৰ প্ৰতিবাদ, নগাঁও আৰক্ষীক জাগ্ৰত হোৱাৰ আহ্বান

NAGAON : ড্ৰাগছ নিয়ন্ত্ৰণৰ দাবীত নগাঁৱৰ ৰাজপথত NSUIৰ প্ৰতিবাদ, নগাঁও আৰক্ষীক জাগ্ৰত হোৱাৰ আহ্বান

আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ পুনৰ ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে নগাঁও

আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ পুনৰ ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে নগাঁও

আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ পুনৰ ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে নগাঁও

  • Share this:
ব্যৱধান মাত্ৰ কেইটামান দিনৰ। কেইদিনমান আগলৈকে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই প্ৰশংসিত হোৱা নগাঁও আৰক্ষীক এতিয়া টোপনিৰ পৰা জগাবলৈ কৰিব লগা হৈছে প্ৰতিবাদ। হয়, এনে এক পৰিৱৰ্তনেই দেখা গ'ল নগাঁও আৰক্ষীৰ ক্ষেত্ৰত। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ গঠন কৰাৰ পিছতেই নগাঁৱতো আৰম্ভ হৈছিল ড্ৰাগছবিৰোধী শক্তিশালী অভিযান।

তদানীন্তন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ড্ৰাগছবিৰোধী অভিযান চলাই লাভ কৰিছিল নগাঁৱৰ সচেতন লোকৰ প্ৰশংসা। মুঠৰ ওপৰত ড্ৰাগছৰ বিৰুদ্ধে এক কঠোৰ স্থিতি গ্ৰহণ কৰিছিল নগাঁও আৰক্ষীয়ে। কিন্তু এইবাৰ এইখন নগাঁৱতে ড্ৰাগছৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিবলগীয়া হ'ল ছাত্ৰ সংগঠন।

বৃহস্পতিবাৰে নগাঁও চহৰৰ মাজমজিয়াৰ ৰাজপথত ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ছাত্ৰ সংগঠন এন এছ ইউ আয়ে। নগাঁও আৰক্ষীক জগাবলৈ ৰাজপথত প্ৰতিবাদ কৰা এনএছইউৰ নগাঁও জিলা  সভাপতি পল্লৱজ্যোতি নাথে সংবাদ মাধ্যমৰ সন্মুখত কয়– "নগাঁও আৰক্ষীয়ে শ্লিপিং টেবলেট খাই শুই আছে। গতিকে চৰকাৰে নিদ্ৰাৰ পৰা জাগ্ৰত কৰক নগাঁও আৰক্ষীক আৰু নগাঁওখনক পুনৰ ড্ৰাগছ মুক্ত কৰক। আৰক্ষীৰ এই নিৰ্লিপ্ততাৰ বাবেই নগাঁৱত পুনৰ ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পাইছে। সেয়ে আজি কলেজীয়া ছাত্ৰ-ছাত্ৰী প্ৰতিবাদত নামিবলৈ বাধ্য হৈছে।"

উল্লেখযোগ্য যে, বিগত কিছুদিন ধৰি নগাঁও চহৰকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত পুনৰ আৰম্ভ হৈছে ড্ৰাগছৰ ৰমৰমীয়া বেহা, যাক লৈ উদ্বিগ্ন হৈ পৰিছে নগাঁৱৰ সচেতন মহল। আনকি জিলাখনৰ অভিভাৱক মন্ত্ৰী পীযূষ হাজৰিকায়ো এই বিষয়ত উদ্বিগ্নতা প্ৰকাশ কৰিবলৈ বাধ্য হৈছে।

নগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত যুৱ মহোৎসৱৰ মুকলি সভাত মন্ত্ৰীগৰাকীয়ে ড্ৰাগছৰ সৰবৰাহ পুনৰ বৃদ্ধি হোৱাক লৈ ক্ষোভ প্ৰকাশ কৰাৰ লগতে জিলা প্ৰশাসনক এইক্ষেত্ৰত কঠোৰ পদক্ষেপ লোৱাৰো নিৰ্দেশ দিছিল। ইয়াৰ পিছতে আজি এনএছইউআইৰ উদ্যোগত অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীয়ে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত "নগাঁও আৰক্ষী হায় হায়, নগাঁৱত ড্ৰাগছ বন্ধ কৰক" শ্লোগানৰে প্ৰতিবাদ স্যবস্ত কৰাৰ লগতে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি