নলবাৰী, ২৫ মে': নলবাৰী জিলাৰ অন্তৰ্গত মুকালমুৱা কৃষিচক্ৰত আজি কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনস্থ মৰাপাট উন্নয়ন সঞ্চালকালয়, কলকাতাৰ পৰামৰ্শদাতা ড° শুভদীপ নন্দীয়ে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা (NFSM) আঁচনিৰ অধীনত কৰা মাৰপাটৰ (Variety- khyati) প্ৰদৰ্শনীমূলক খেতি পৰিদৰ্শন কৰে ।
তেখেতক এই পৰিদৰ্শনকালত অসম কৃষি সঞ্চালকালয়ৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা (NFSM) আঁচনিৰ ৰাজ্যিক পৰামৰ্শদাতা ড° অৰুণিমা দেৱ চৌধুৰী, জিলা কৃষি বিষয়া প্ৰবীণ চন্দ্ৰ মেধি, জিলা ন'ডেল বিষয়া ৰমেন ডেকা, মহকুমা কৃষি বিষয়া প্ৰদীপ মেধি, মুকালমুৱা কৃষি উন্নয়ন বিষয়া উৰ্মিল বৰঠাকুৰ, ৰামপুৰ কৃষি উন্নয়ন বিষয়া দ্বীপশিখা গোস্বামী , মিডিয়া বিশেষজ্ঞ ৰুনজুন দাসকে ধৰি কৃষি পৰিদৰ্শক, কৃষি সম্প্ৰসাৰণ সহায়ক সকলে সংগ দিয়ে ৷
উল্লেখ্য যে মুকালমুৱা কৃষি চক্ৰৰ অন্তৰ্গত কালৰদিয়া চৰত কৰা প্ৰায় ৫০ বিঘা মাটিত কৰা মৰাপাটৰ খেতি পৰিদৰ্শন কৰি কলকাতাৰ পৰামৰ্শদাতা ড° শুভদীপ নন্দী আৰু ৰাজ্যিক পৰামৰ্শদাতা ড° অৰুণিমা দেৱ চৌধুৰীয়ে কৃষকৰ সৈতে মত বিনিময় কৰে ।
কৃষকৰ খৰচ কম আৰু আয় বৃদ্ধিৰ উদ্দেশ্য আগত ৰাখি কৃষিৰ জৰিয়তে কেনেকৈ আগবাঢ়িব লাগে সেই সন্দৰ্ভত কৃষকক বিভিন্ন দিহা পৰামৰ্শ আগবঢ়োৱাৰ লগতে মৰাপাট খেতি কৰাৰ বিভিন্ন পদ্বতি সম্পৰ্কে বিষদভাৱে আলোচনা কৰে ।
Published by: Subham Goswami
FIRST PUBLISHED : May 25, 2023, 23:34 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।