‘আমাৰ নগা আৰ্মী সকলো সময়তে সাজু’, CAA বিৰোধী আন্দোলনলৈ NSCN-Kৰ পূৰ্ণ সমৰ্থন

News18 Assam | News18-Assam
Updated:December 21, 2019, 6:23 PM IST
‘আমাৰ নগা আৰ্মী সকলো সময়তে সাজু’, CAA বিৰোধী আন্দোলনলৈ NSCN-Kৰ পূৰ্ণ সমৰ্থন
ULFA-Iৰ পিছত গণ আন্দোলনলৈ নগা সশস্ত্ৰ বিদ্ৰোহী সংগঠন NSCN-Kৰ সমৰ্থন ৷ নগা জনপ্ৰতিনিধিক কৰ্কথনা ককৰ্থনা সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ

ULFA-Iৰ পিছত গণ আন্দোলনলৈ নগা সশস্ত্ৰ বিদ্ৰোহী সংগঠন NSCN-Kৰ সমৰ্থন ৷ নগা জনপ্ৰতিনিধিক কৰ্কথনা ককৰ্থনা সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ

  • Share this:


আলফা (স্বাধীন)ৰ পিছত নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন NSCN-Kয়ে তীব্ৰ বিৰোধিতা কৰিছে নাগৰিকত্ব সংশোধনী আইন (CAA)ৰ ৷ য়ুং আং নেতৃত্বাধীন NSCN-Kয়ে নিজৰ স্থিতি ঘোষণা কৰি কৈছে যে সমগ্ৰ উত্তৰ-পূবত CAA বিৰোধী যি গণ আন্দোলনৰ সূচনা হৈছে, তাত পূৰ্ণ সমৰ্থন দিব বিদ্ৰোহী সংগঠনটোৱে ৷


NEWS18ক নিজ সংগঠনৰ স্থিতি সদৰি কৰি NSCN-Kৰ প্ৰচাৰ বিভাগৰ ভাৰপ্ৰাপ্ত কিল'নচাৰ লে: কৰ্ণেল যুছেফ লামকামে কয়, “আমাৰ প্ৰতিজন সেনা ৰাইজৰ স্বাৰ্থত প্ৰতিটো মূহূৰ্ততে সাজু আছে ৷ য'ত যেতিয়া প্ৰয়োজন হয়, নাগা আৰ্মীয়ে আক্ৰমণ কৰিবলৈ সাজু ৷”


“ভাৰত চৰকাৰৰ কোনো আইন আমি মানি নোলোৱাৰ দৰেই এইখন CAAকো আমি মানি নলও ৷ সমগ্ৰ উত্তৰ-পূবৰ ৰাইজে একেলগে মাৰবান্ধি আজি ৰাজপথলৈ ওলাই আহিছে ৷ খিলঞ্জীয়াক ধ্বংসৰ মুখলৈ ঠেলি দিব বিচৰা এই আইনক আমি ৰাইজৰ লগত থাকি বিৰোধিতা কৰিম”, NEWS18 এনেদৰে জনালে যুছেফ লামকামে ৷



ম্যানমাৰ আৰু ভাৰত চৰকাৰৰ সৈতে যুদ্ধবিৰতিৰ পৰা আঁতৰি থকা NSCN-Kয়ে  কেইজনমান নগা জনপ্ৰতিনিধিয়ে CAAক সমৰ্থন কৰাত ক্ষোভ প্ৰকাশ কৰে ৷ “ৰাইজৰ প্ৰতিনিধি হৈ ৰাইজৰ মনৰ কথা নুশুনাকৈ CAAক সমৰ্থন কৰা জনপ্ৰতিনিধিক ৰাইজে নিশ্চিতভাৱে সময়ত প্ৰত্যুত্তৰ দিব ৷ ৰাজনৈতিকভাৱে অপৰিপক্ব এইসকল জনপ্ৰতিনিধিয়ে ৰাইজৰ ওচৰত কেতিয়াও ক্ষমাৰ যোগ্য নহয়”; ক'লে NSCN-Kৰ প্ৰচাৰ বিভাগৰ ভাৰপ্ৰাপ্ত কিল'নচাৰ যুছেফ লামকামে ৷

Published by: Himangshu Bhuyan
First published: December 21, 2019, 5:51 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading