শ্ৰীলংকা আক্ৰমণৰ পিছত নগাভূমিত সষ্টম NSCN(IM)

নগা অধ্যুষিত অঞ্চলত সংঘটিত হ’ব নোৱাৰিব শ্ৰীলংকাৰ দৰে লোমহৰ্ষক ঘটনা। উত্তৰ-পূবৰ আটাইতকৈ শক্তিশালী বিদ্ৰোহী সংগঠন NSCN(IM)–এ লৈছে তৎপৰতা।

news18assam
Updated:May 3, 2019, 8:03 PM IST
শ্ৰীলংকা আক্ৰমণৰ পিছত নগাভূমিত সষ্টম NSCN(IM)
নগা অধ্যুষিত অঞ্চলত সংঘটিত হ’ব নোৱাৰিব শ্ৰীলংকাৰ দৰে লোমহৰ্ষক ঘটনা। উত্তৰ-পূবৰ আটাইতকৈ শক্তিশালী বিদ্ৰোহী সংগঠন NSCN(IM)–এ লৈছে তৎপৰতা।
news18assam
Updated: May 3, 2019, 8:03 PM IST
খ্ৰীষ্টানৰ সুৰক্ষাৰ বাবে নগা আৰ্মী-চোৰাংচোৱাক সষ্টমৰ নিৰ্দেশ NSCN(IM)ৰ

শ্ৰীলংকাৰ লোমহৰ্ষক ধাৰাবাহিক বোমা বিস্ফোৰণৰ পিছতে এতিয়া নগাভূমিত সষ্টম সশস্ত্ৰ বিদ্ৰোহী সংগঠন NSCN(IM)৷ কোনো কাৰণতে যাতে শ্ৰীলংকাৰ দৰে লোমহৰ্ষক ঘটনা নগা অধ্যুষিত অঞ্চলত সংঘটিত হ’ব নোৱাৰে, তাৰ প্ৰতি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোৱে৷

সংগঠনটোৰ আৰ্মছ গ্ৰুপ নগা আৰ্মীক সমগ্ৰ নগা অধ্যুষিত অঞ্চলত সষ্টম হৈ থাকিবলৈ বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে৷ NEWS18ৰে হোৱা এক টেলিফোনিক সাক্ষাৎকাৰত এই কথা সদৰী কৰিছে NSCN(IM)ৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰণ কমিটিৰ কাৰ্যবাহী সদস্য ভি হ’ৰামে৷ ‘‘আমাৰ নগা আৰ্মী এতিয়া আমাৰ অঞ্চলত সষ্টম হৈ আছে ৷ আমাৰ চোৰাংচোৱাও সৰ্বত্ৰে সজাগ আৰু কতৰ্ব্যৰত অৱস্থাত আছে ৷ ইয়াৰ বাবে দুয়োটা বাহিনীক বিশেষ নিৰ্দেশনা দিয়া হৈছে’’- এনেদৰে ভি হ’ৰামে জনালে NEWS18ক৷

‘‘নগাভূমিত দীৰ্ঘকাল ধৰি মুছলমান ধৰ্মাৱলম্বী লোকে বসবাস কৰি আছে৷ কিন্তু তেওঁলোকে নগা সমাজৰ ইতিহাস আৰু কৃষ্টি-সংস্কৃতিক সন্মান জনাই আমাৰ অঞ্চলত বসবাস কৰি আহিছে৷ এতিয়া যদি কোনো বহিৰাগত শক্তিয়ে আমাৰ অঞ্চলত আক্ৰমণ কৰিবলৈ চেষ্টা কৰে, তেন্তে আমি হাত সাৱটি কিয় বহি থাকিম?’’ – এনেদৰে নিজ সংগঠনৰ স্থিতি স্পষ্ট কৰিলে NSCN(IM)ৰ শীৰ্ষ নেতা ভি হ’ৰামে৷

উল্লেখ যোগ্য যে যোৱা ২১ এপ্ৰিলৰ পৱিত্ৰ ইষ্টাৰ ছানডেত দ্বীপ ৰাষ্ট্ৰ শ্ৰীলংকাত সংঘটিত হৈছিল ধাৰাবাহিক বোমা বিস্ফোৰণ ৷ শ্ৰীলংকাৰ গিৰ্জা আৰু সম্ভ্ৰান্ত হোটেলত সংঘটিত মানৱ বোমা বিস্ফোৰণত মৃত্যু হৈছিল ৩৬০জন লোকৰ৷ লগতে এই নৃশংস ঘটনাত আহত হৈছিল পাঁচ শতাধিক লোক৷

মূলতঃ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকক লক্ষ্য কৰি এই নৃশংস ধাৰাবাহিক বোমা বিস্ফোৰণ কৰাৰ সন্দৰ্ভত ইতিমধ্যে দায়িত্ব স্বীকাৰ কৰিছে কুখ্যাত সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেট (IS)-এ ৷

শ্ৰীলংকাৰ এই লোমহৰ্ষক ঘটনাৰ পিছতে নাগালেণ্ডত ৰেড এলাৰ্ট জাৰী কৰিছিল মুখ্য সচিব টেমজেন ট’য়ে৷ নাগালেণ্ড আৰক্ষীৰ সঞ্চালকপ্ৰধান, আছাম ৰাইফল্ছৰ মহাপৰিদৰ্শক আৰু ক’হিমাত থকা ইণ্টেলিজেন্স ব্যুৰ’ (IB)ৰ যুটীয়া সঞ্চালকক বিশেষ ব্যৱস্থা ল’বলৈ নিৰ্দেশনা জাৰি কৰিছিল মুখ্য সচিব ট’য়ে৷(ইয়াৰ আগৰ এক প্ৰতিবেদনত ভি হৰামৰ বক্তব্য ভুলকৈ সংযোজিত কৰা হৈছি, শুধৰাই দিয়া হৈছে)

(বিজু কুমাৰ ডেকাৰ প্ৰতিবেদন)
আৰু চাওক পৰৱৰ্তী বাতৰি