NRC উন্নীতকৰণৰ বাবে সাধাৰণ জনতাক হাৰাশাস্তি কৰাৰ অভিযোগত দেশ উত্তাল হৈ থকাৰ সময়তে ৰাজ্যৰ কিছু কিছু অঞ্চলত নিশাপৰ্যন্ত চলিল পুণৰীক্ষণৰ কাম। উৎকট গৰমৰ মাজতে মাজনিশাপৰ্যন্ত যোৰহাটত চলিল এন আৰ চিৰ পুনৰীক্ষণৰ কাম। নিশা বিদ্যুৎ কৰ্তন হোৱাৰ সময়তো মোবাইল ম’বাইল ফোনৰ টৰ্চৰ পোহৰতে কৰিবলগীয়া হ’ল পুনৰীক্ষণৰ কাম।
নামনি অসমৰ বিভিন্ন স্থানৰ পৰা বহুকেইখন বাছত কেইবা শ লোক সোমবাৰে যোৰহাটলৈ গৈছিল NRCৰ শুনানিৰ বাবে। কণ কণ শিশু, মহিলাকে ধৰি এইসকল লোক NRCৰ সেৱা কেন্দ্ৰত থকা–খোৱাকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হয়। অৱশ্যে একাংশ স্বেচ্ছাসেৱী সংগঠনে সহায় আগবঢ়াইছে এইসকল লোকক।
কৰিবলগীয়া হোৱাত হাৰাশাস্তিৰ সন্মুখীন হয়। উল্লেখ্য যে দক্ষিণ কামৰূপৰ সোণতলী অঞ্চলত NRCৰ পুণৰীক্ষণৰ বাবে ২৪ ঘণ্টাৰ ভিতৰত উজনি অসমৰ বিভিন্ন জিলালৈ মাতি পঠিয়াইছিল NRC কৰ্তৃপক্ষই। ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল। আনকি গোলাঘাটলৈ যোৱাৰ সময়ত যোৰাবাটত দুৰ্ঘটনাত পতিত হৈছিল এখন বাছ। য’ত আছিল এখন গাঁৱৰ ৪৪জন লোক।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 06, 2019, 09:01 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|