NRCত সোমাইছে ডেৰ কোটি মুছলমান বাংলাদেশীৰ নামঃ শিলাদিত্য দেৱ

News18-Assam
Updated:July 24, 2019, 9:14 PM IST
NRCত সোমাইছে ডেৰ কোটি মুছলমান বাংলাদেশীৰ নামঃ শিলাদিত্য দেৱ
আকৌ NRCক লৈ বিতৰ্কিত মন্তব্য বিধায়ক শিলাদিত্য দেৱৰ

আকৌ NRCক লৈ বিতৰ্কিত মন্তব্য বিধায়ক শিলাদিত্য দেৱৰ

  • Share this:
আকৌ মুখ খুলিছে বিধায়ক শিলাদিত্য দেৱে! মুখ মেলিলেই বিতৰ্কৰ সৃষ্টি হোৱা বিধায়ক শিলাদিত্য দেৱে এইবাৰ NRC ক তুলিছে বিভিন্ন প্ৰশ্নৰ। ৰাজ্যবাসীৰ দীৰ্ঘদিনীয়া সপোন, খিলঞ্জীয়া ৰাইজৰ ৰক্ষাকৱচ বুলি অভিহিত কৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন অসমবাসীয়ে শুদ্ধ ৰূপত নাপাই বুলি কোৱাৰ লগতে NRC কলৈ কৰা সকলো প্ৰচেষ্টা পানীত পৰিল বুলি মন্তব্য কৰিছে বিজেপিৰ বিধায়কজনে। লগতে NRC ত ১০০ৰ ৭৫% বাংলাদেশীৰ নাম সোমাল বুলিও কয় বিধায়কজনে।

‘NRCত সোমাইছে ডেৰ কোটি বাংলাদেশীৰ নাম, কিছুমান পলাই আছেগৈ কেৰালা, মুম্বাই, বংগত। বাংলাদেশীমুক্ত ভাৰত অসম্ভৱ,চৰকাৰৰ হাতলৈ ক্ষমতা আহিলে আকৌ চাই ল’ম’
NRCৰ প্ৰক্ৰিয়া কেতিয়াও শুদ্ধ নহয়’ সহযোগিতাৰ অভাৱত খেলিমেলি হৈছে NRCত’– এনেদৰে  হোজাইত NRC কলৈ মন্তব্য কৰে বিধায়ক শিলাদিত্য দেৱে।
আৰু চাওক
পৰৱৰ্তী বাতৰি