বিতৰ্কিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত সংঘটিত হৈছে ভয়ংকৰ কেলেংকাৰী। CAG ৰ প্ৰতিবেদনত উন্মোচিত হৈছে ভয়ংকৰ তথ্য। NRC উন্নীতকৰণৰ নামত সংঘটিত হৈছে ১০০ কোটি টকাৰ খেলিমেলি। পৰীক্ষা নকৰাকৈ দিয়া হৈছিল ৬৯ কোটি টকা। কাৰ্টিজ ক্ৰয়ত অতিৰিক্ত ভাবে প্ৰায় ১৯ কোটি ৪৪ লাখ টকাৰ খেলিমেলি।
এই বৃহৎ কেলেংকাৰী বিশেষ ভাবে সংঘটিত হৈছিল–
ক. আই টি আৰু অন্যান্য সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত কৰা খৰচ আৰু বছৰি আয়–ব্যয়ৰ প্ৰকৃত হিচাপ নিদিয়াকৈ।
খ. NSK ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বেমেজালি। ১৫০০ৰ পৰা ২৫০০ NSK ৰ সংখ্যা বৃদ্ধি কৰাৰ ক্ষেত্ৰত নীতি–নিয়ম উলংঘা।
গ. নতুনকৈ টেণ্ডাৰ নোলোৱাকৈ একমাত্ৰ পাৰ্টিক সেৱা কেন্দ্ৰ স্থাপন কৰাৰ বাবে ১৯৬.৬৫ কোটি টকাৰ পৰা ২৩২.১০ কোটি টকা বঢ়াই আদায় দিয়া হৈছিল।
Data Entry Operator ৰ দৰমহাৰ নামত বৃহৎ খেলিমেলি। প্ৰতিমাহে অপাৰেটৰসকলক ২০১৫ চনৰ ফ্ৰেব্ৰুৱাৰীলৈকেহে ৫০৫০ টকা প্ৰতিমাহে দিয়াৰ পিছত ২০১৭ চনত নৱেম্বৰ মাহলৈকে এই দৰমহা ৭৭২৫ টকালৈকে বৃদ্ধি কৰা হৈছিল। কিন্তু প্ৰকৃত ধায্য কৰা দৰমহা আছিল অপাৰেটৰ ১, অপাৰেটৰ ২ আৰু ৰিচৰ্চ পাৰ্চনৰ কাৰণে ২০১৫ চনৰ ফ্ৰেব্ৰুৱাৰীলৈকে প্ৰতিমাহে ক্ৰমে ১৩,৭৭৯ টকা, ১৩১২৩ টকা আৰু ১৪৯৮২.৩১ টকা। অৰ্থাৎ ডাটা এণ্ট্ৰী অপাৰেটৰক দৰমহা দিয়াৰ নামত বৃহৎ খেলিমেলি কৰিছিল NRC কৰ্তৃপক্ষই।
ITৰ আন্তঃগাথনি নতুনকৈ লোৱাৰ বাবে কোনো ধৰণৰ কাৰিকৰী বিশেষত্ব উল্লেখ নকৰাকৈ ব্যয় কৰা হৈছিল ৩৯.০৭ কোটি টকা। এই টকা WIPRO ই NSK সমূহত লেপটপ, কেমেৰা, হেভি ডিউটি স্কেনাৰ কাম প্ৰিণ্টাৰ আদি ক্ৰয় কৰাৰ বাবদ খৰচ কৰা দেখুৱাইছিল।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : December 05, 2019, 17:06 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।